প্ৰকৃতিৰ ৰাণী মানাহ ৷ মানাহৰ ৰূপে এতিয়া আপোন পাহৰা কৰিছে বহুতকে ৷ নানাৰঙী ফুলে জাতিষ্কাৰ এতিয়া মানাহ ৷ যেনিয়েই চোৱা যায় তেনিয়েই এতিয়া ৰঙৰ সমাহাৰ মানাহৰ বুকুত ৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ দাঁতিকাষৰত অপৰূপ সৌন্দৰ্যৰ পোহাৰ মেলিছে কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ আদিয়ে৷বাৰিষাৰ আগমনৰ লগে লগে সেউজীয়া হৈ পৰিছে মানাহ ৷
প্ৰাণ পাই উঠিছে ফাগুণত লঠঙা বিৰিখে৷মানাহৰ অপৰূপ সৌন্দৰ্যই এতিয়া বিমুগ্ধ কৰিছে মানাহপৰীয়া ৰাইজক ৷ ক’ভিডসৃষ্ট পৰিবেশৰ মাজতে ন-সাজ ন-অলংকাৰ পিন্ধি যৌৱনাপ্ৰাপ্ত এতিয়া মানাহ,মানাহৰ দাতিকাষৰীয়া সকলো ঠাই ৷
মানাহৰ নয়নাভিৰাম দৃশ্যই পুলকিত কৰিছে মানুহৰ মন,পুলকিত কৰিছে আকাশ-বতাহ৷ মুঠতে ক’ভিডসৃষ্ট এই হতাশাগ্ৰস্ত পৰিৱেশৰ মাজতে প্ৰকৃতিয়ে এতিয়া জুৰিছে হেঁপাহৰ গান,সলনি কৰিছে মানুহৰ মনৰ কৃত্ৰিমতা,নতুন চিন্তা সৃষ্টিৰ এনাজৰী বান্ধি সকলোকে মাতিছে হাতবাউলি সেউজীয়াৰ দেশলৈ ৷