গ্ৰাম্যাঞ্চলত ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ বৈঠক

narendra modi 986145 1621070309

চহৰ অঞ্চলত সংক্ৰমণৰ হাৰ হ্ৰাস হৈছে যদিও সম্প্ৰতি গ্ৰাম্য ভাৰত চিন্তাৰ মূল কাৰণ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে । বিশেষজ্ঞৰ‌ আশংকা, চহৰ অঞ্চলত ক’ভিড সংক্ৰমণ হ্ৰাস হ’লেও এক-ডেৰ মাহৰ ভিতৰত গ্ৰাম্য অঞ্চলত সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পাব । সংক্ৰমণ ৰোধ তথা গ্ৰাম্য ভাৰতৰ স্বাস্থ্য পৰিকাঠামো আধুনিকিকৰণৰ বিষয়ত আলোচনা কৰিবলৈ দুই পৰ্যায়ৰ বৈঠকৰ প্ৰথম পৰ্যায়ত ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিৰ স’তে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী ।

ADVERTISEMENT

ক’ভিডৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ ইতিমধ্যে গ্ৰাম্য অঞ্চলত পৰিবলৈ লৈছে । দেশৰ বিভিন্ন ৰাজ্যত তলাবন্ধ জাৰি কৰাৰ বাবে শ্ৰমিকসকলো নিজ ৰাজ্যত উভতি আহিছে । ফলত তেওঁলোকৰ মাধ্যমেৰে গ্ৰাম্য অঞ্চলত সংক্ৰমণ অধিক দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ আশংকা আছে ।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ মূল লক্ষ্য হ’ল অৰ্ধ চহৰ, ব্লক, জিলা আৰু আদিবাসী অঞ্চলত সংক্ৰমণ ৰোধ কৰা । কাৰণ, আৰম্ভণিতেই সংক্ৰমণ ৰোধ নকৰিলে গ্ৰাম্যাঞ্চলত দুৰ্বল পৰিকাঠামোৰ ফলত কৰ’না পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে । স্বাস্থ্য মন্ত্ৰণালয়ৰ এজন বিষয়াই জনায়, কালি এই বিষয়ত শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত সকলো ৰাজ্যকে গ্ৰাম্যাঞ্চলত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ কোৱা হৈছে আৰু কণ্টেইনমেণ্ট জ’নসমূহত পৰীক্ষণৰ মাত্ৰা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হয় । বিশেষকৈ জনজাতি অধ্যুষিত অঞ্চলত পৰ্যৱেক্ষণ আৰু সংক্ৰমিতসকলৰ চিহ্নিতকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ দিয়া হৈছে ।

আজি চিকিৎসকসকলৰে হোৱা এক বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰাম্য অঞ্চলত পৰ্যৱেক্ষণ বৃদ্ধি কৰাৰ ওপৰত জোৰ দিয়ে । শেহতীয়া বৈঠকত বিশেষকৈ গ্ৰামীণ অঞ্চলত স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ ওপৰত জোৰ দিয়া হৈছে । চহৰৰ দৰে গ্ৰাম্য অঞ্চলত যাতে অক্সিজেনৰ অভাৱত মৃত্যু নহয় তাৰ বাবে পৰিকাঠামো শক্তিশালী কৰি তোলাত জোৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে চিকিৎসা বিভাগৰ শিক্ষাৰ্থীসকলক ক’ভিড চিকিৎসাৰ বাবে আগবাঢ়ি আহিবলৈ আৰু গ্ৰাম্য অঞ্চলত পৰীক্ষণ বৃদ্ধি কৰিবৰ বাবে গাঁৱৰ আশা আৰু অংগনৱাড়ী কৰ্মীসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু কিট দিব লাগে । গৃহ কোৱাৰেণ্টাইনত থকা ক’ভিড আক্ৰান্তসকলক সম্পূৰ্ণ ক’ভিড প্ৰ’ট’কল মানি চলাত জোৰ দিব লাগে । বিশেষকৈ দুৰ্বল স্বাস্থ্য পৰিকাঠামোৰ অঞ্চলৰ বাসিন্দাসকলে যাতে টেলিমেডিচিন সেৱা লাভ কৰে সেই বিষয়ে নিশ্চিত কৰিব লাগে ।

গ্ৰামীণ ভাৰতৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট এদল চিকিৎসকক কেৱল টেলিমেডিচিন সেৱাত নিয়োগ কৰাত জোৰ দিছে কেন্দ্ৰ‌ই । এই কাৰ্যত বিশেষজ্ঞ চিকিৎসকৰ স’তে চিকিৎসাৰ শেষ বৰ্ষৰ শিক্ষাৰ্থীসকলক আৰু ইণ্টাৰ্ণসকলক দল গঠন কৰি দেশৰ প্ৰতিটো জিলা পৰ্যায়ত গ্ৰাম্য বাসিন্দাসকলক সহায় কৰিব লাগে । লগতে সংক্ৰমিতসকলৰ যাতে ভেঁকুৰ (ব্লেক ফাংগাছ)ৰ সমস্যাই দেখা নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

Exit mobile version