চহৰ অঞ্চলত সংক্ৰমণৰ হাৰ হ্ৰাস হৈছে যদিও সম্প্ৰতি গ্ৰাম্য ভাৰত চিন্তাৰ মূল কাৰণ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে । বিশেষজ্ঞৰ আশংকা, চহৰ অঞ্চলত ক’ভিড সংক্ৰমণ হ্ৰাস হ’লেও এক-ডেৰ মাহৰ ভিতৰত গ্ৰাম্য অঞ্চলত সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পাব । সংক্ৰমণ ৰোধ তথা গ্ৰাম্য ভাৰতৰ স্বাস্থ্য পৰিকাঠামো আধুনিকিকৰণৰ বিষয়ত আলোচনা কৰিবলৈ দুই পৰ্যায়ৰ বৈঠকৰ প্ৰথম পৰ্যায়ত ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিৰ স’তে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী ।
ক’ভিডৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ ইতিমধ্যে গ্ৰাম্য অঞ্চলত পৰিবলৈ লৈছে । দেশৰ বিভিন্ন ৰাজ্যত তলাবন্ধ জাৰি কৰাৰ বাবে শ্ৰমিকসকলো নিজ ৰাজ্যত উভতি আহিছে । ফলত তেওঁলোকৰ মাধ্যমেৰে গ্ৰাম্য অঞ্চলত সংক্ৰমণ অধিক দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ আশংকা আছে ।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ মূল লক্ষ্য হ’ল অৰ্ধ চহৰ, ব্লক, জিলা আৰু আদিবাসী অঞ্চলত সংক্ৰমণ ৰোধ কৰা । কাৰণ, আৰম্ভণিতেই সংক্ৰমণ ৰোধ নকৰিলে গ্ৰাম্যাঞ্চলত দুৰ্বল পৰিকাঠামোৰ ফলত কৰ’না পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে । স্বাস্থ্য মন্ত্ৰণালয়ৰ এজন বিষয়াই জনায়, কালি এই বিষয়ত শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত সকলো ৰাজ্যকে গ্ৰাম্যাঞ্চলত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ কোৱা হৈছে আৰু কণ্টেইনমেণ্ট জ’নসমূহত পৰীক্ষণৰ মাত্ৰা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হয় । বিশেষকৈ জনজাতি অধ্যুষিত অঞ্চলত পৰ্যৱেক্ষণ আৰু সংক্ৰমিতসকলৰ চিহ্নিতকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ দিয়া হৈছে ।
আজি চিকিৎসকসকলৰে হোৱা এক বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰাম্য অঞ্চলত পৰ্যৱেক্ষণ বৃদ্ধি কৰাৰ ওপৰত জোৰ দিয়ে । শেহতীয়া বৈঠকত বিশেষকৈ গ্ৰামীণ অঞ্চলত স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ ওপৰত জোৰ দিয়া হৈছে । চহৰৰ দৰে গ্ৰাম্য অঞ্চলত যাতে অক্সিজেনৰ অভাৱত মৃত্যু নহয় তাৰ বাবে পৰিকাঠামো শক্তিশালী কৰি তোলাত জোৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।
লগতে চিকিৎসা বিভাগৰ শিক্ষাৰ্থীসকলক ক’ভিড চিকিৎসাৰ বাবে আগবাঢ়ি আহিবলৈ আৰু গ্ৰাম্য অঞ্চলত পৰীক্ষণ বৃদ্ধি কৰিবৰ বাবে গাঁৱৰ আশা আৰু অংগনৱাড়ী কৰ্মীসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু কিট দিব লাগে । গৃহ কোৱাৰেণ্টাইনত থকা ক’ভিড আক্ৰান্তসকলক সম্পূৰ্ণ ক’ভিড প্ৰ’ট’কল মানি চলাত জোৰ দিব লাগে । বিশেষকৈ দুৰ্বল স্বাস্থ্য পৰিকাঠামোৰ অঞ্চলৰ বাসিন্দাসকলে যাতে টেলিমেডিচিন সেৱা লাভ কৰে সেই বিষয়ে নিশ্চিত কৰিব লাগে ।
গ্ৰামীণ ভাৰতৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট এদল চিকিৎসকক কেৱল টেলিমেডিচিন সেৱাত নিয়োগ কৰাত জোৰ দিছে কেন্দ্ৰই । এই কাৰ্যত বিশেষজ্ঞ চিকিৎসকৰ স’তে চিকিৎসাৰ শেষ বৰ্ষৰ শিক্ষাৰ্থীসকলক আৰু ইণ্টাৰ্ণসকলক দল গঠন কৰি দেশৰ প্ৰতিটো জিলা পৰ্যায়ত গ্ৰাম্য বাসিন্দাসকলক সহায় কৰিব লাগে । লগতে সংক্ৰমিতসকলৰ যাতে ভেঁকুৰ (ব্লেক ফাংগাছ)ৰ সমস্যাই দেখা নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে ।