মার্কিন বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী হ’ল শ্বাহৰুখ পুত্র আৰিয়ান

3b968e421b2cb3f5d9848c612c8c2d1c

বলিউডৰ মহাতাৰকা অভিনেতা শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্র আৰিয়ান খানে আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন সমাপ্ত কৰিলে।

প্রকাশিত বাতৰি অনুসৰি আৰিয়ানে স্নাতক ডিগ্রী লাভ কৰিছে। আমেৰিকাৰ ইউনিভাৰচিটী অফ ছাউডার্ন কেলিফর্নিয়া (ইউ এছ চি)ৰ পৰা ফিল্মমেকিং বিষয়ত শ্বাহৰুখ পুত্রই স্নাতক ডিগ্রী গ্রহণ কৰিলে।

শ্বাহৰুখ আৰু আৰিয়ানে সামাজিক মাধ্যমত শেহতীয়াভাৱে কেইখনমান ফটো শ্বেয়াৰ কৰিছে। এই ফটোত আৰিয়ানে মার্কিন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্রী গ্ৰহণ কৰাৰ দৃশ্য আবদ্ধ হৈছে।

উল্লেখ্য যে শ্বাহৰুখে পূর্বে সামাজিক মাধ্যমত কৈছিল যে আৰিয়ানৰ অভিনয়ৰ প্ৰতি তেনে কোনাে ৰাপ নাই। আৰিয়ানে অভিনেতা হােৱাৰ পৰিৱর্তে চলচ্চিত্র পৰিচালক হ’ব বিচাৰে বুলিও শ্বাহৰুখে জানিবলৈ দিছিল।

সেয়েহে আৰিয়ানে চলচ্চিত্র নির্মাণৰ পাঠ্যক্রম মার্কিন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিলে।

Exit mobile version