গোসাঁইগাওঁৰ গুৰুফেলা বজাৰত নিশাৰ ভাগত চুৰিকাণ্ড

WhatsApp Image 2021 05 19 at 6.37.03 PM

কৰ’না মহামাৰীৰ ফলত দিয়া তলাবন্ধৰ সুযোগ লৈ গোসাঁইগাওঁ মহকুমাৰ কচুগাওঁ‌ থানাৰ অন্তৰ্গত গুৰুফেলা বজাৰত যোৱা নিশা বলোৰাম গোস্বামীৰ ষ্টুডিও চিত্ৰাঞ্জলী নামৰ মোবাইল দোকানত চোৰে তলা ভাঙি লুটি ললে প্ৰায় ডেৰ লক্ষাধিক টকাৰ মোবাইল ফোন।

ADVERTISEMENT

তথ্য অনুসৰি গুৰুফেলা বজাৰত সঘনাই হোৱা এনেকুৱা চুৰি কাণ্ডই সৰ্বসাধাৰন ব্যৱসায়িক মহলত বহুত চিন্তিত কৰিছে।দোকানৰ গৰাকী বলোৰাম গোস্বামী সংবাদ মাধ্যমত আগত সদৰি কৰি কয় যে এনেকুৱা ধৰনৰ চুৰিকাণ্ড গুৰুফেলা বজাৰত পুনৰায় যাতে নহয় তাৰ বাবে প্ৰশাসন তথা পুলিচ বিভাগক চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়।

Exit mobile version