বন্ধন তথা মাইক্ৰ’ফাইনেঞ্চৰ কিস্তি বৰ্তমান সময়ত নল’বলৈ আহ্বান একাংশ বন্ধন গোটৰ মহিলাৰ

WhatsApp Image 2021 05 19 at 2.00.54 PM

যি সময়ত চৰকাৰে কৈ আছে বন্ধন তথা মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰি দিব আৰু ইতিমধ্যে এখন কমিটি গঠন কৰাও পৰিলক্ষিত হৈছে । তেনে সময়তে দেখিবলৈ পোৱা গ’ল চৰকাৰে বান্ধি দিয়া এছ‌অ’পি নমনা একাংশ বন্ধন কৰ্মচাৰীয়ে একোটা গোটতে প্ৰায় ২৫-৩০ জন মানুহ গোট খাইছে, মুখত মাস্ক পৰিধান নকৰা গোটৰ মহিলাসকলৰ পৰা টকা লোৱা আৰু সামাজিক দূৰত্ব নামানি বন্ধন গোটৰ সভা অনুষ্ঠিত কৰা ।

গোসাইগাঁৱৰ মহকুমাৰ গুৰুফেলা অঞ্চলৰ একাংশ বন্ধনৰ ঋন লোৱা মহিলাই চৰকাৰক আপত্তি জনায় কয়, যি সময়ত ক’ভিডৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনাৰ ফলত গাঁৱৰ সাধাৰণ শ্ৰেণীৰ দুখীয়া মানুহে কাম কৰিব পৰা নাই, অট’ চলাই খোৱা ব্যক্তিবোৰে নিজৰ খাদ্যখিনিও গোটাব পৰা নাই । সৰু-সুৰা ব্যৱসায় কৰি খোৱা ব্যক্তিবোৰেও ব্যৱসায় কৰিব পৰা অৱস্থাত নাই, তেনে সময়তে আমাৰ বন্ধনৰ কিস্তি চলোৱাটো বহুত অসুবিধা হৈ পৰিছে ।

চৰকাৰৰ ঋন মাফৰ সিদ্ধান্তক বিভিন্ন গোটৰ মহিলাসকলে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দাবী জনায় যে, ৰাজ্যত ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি বৰ্তমান সময়ত যাতে বন্ধনকে আদি কৰি যিমানবোৰ মাইক্ৰ’ফাইনেঞ্চ আছে, সেইবোৰে যাতে কিস্তিৰ মাধ্যমেৰে হেঁচা প্ৰয়োগ নকৰে ।

Exit mobile version