■ সাতখন দেশ ভাৰত, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ, অষ্ট্ৰেলিয়া আৰু নিউ জিলেণ্ডে ৰয়েল এনফিল্ডৰ মেটিঅ’ৰ ৩৫০, ক্লাচিক ৩৫০ আৰু বোলেট ৩৫০ৰ ২,৩৬,৯৬৬ টা ইউনিট ৰিকল হৈছে ।
■ কোম্পানীটোৱে জনায় যে, বাইককেইখনৰ ইগনিছন কইলত এটা সম্ভাৱ্য ত্ৰুটি থাকিব পাৰে । ফলত বৈদ্যুতিক ছৰ্ট চাৰ্কিট হ’ব পাৰে ।
■ নিয়মিত আভ্যন্তৰীণ পৰীক্ষণত ত্ৰুটিটো ধৰা পৰে আৰু বিষয়টো সম্পূৰ্ণভাৱে চিহ্নিত কৰা হৈছে । ২০২০ৰ ডিচেম্বৰৰ পৰা ২০২১ৰ এপ্ৰিলৰ ভিতৰত বাহ্যিক সৰবৰাহকাৰীৰ পৰা লাভ কৰা নিৰ্দিষ্ট মডেলসমূহ সম্প্ৰতি পৃথক কৰা হৈছে ।
■ ৰিকল হোৱা ইউনিটসমূহ ২০২০ৰ পৰা ২০২১ৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল ।
■ৰয়েল এনফিল্ডৰ পৰিসেৱা দল আৰু স্থানীয় ডিলাৰবোৰে ৰিকল সমস্যাৰ সন্মুখীন হোৱা মটৰচাইকেলৰ স্বত্বাধিকাৰীসকলৰ কাষত যাব ।
■ গ্ৰাহকসকলে নিজেও ডিলাৰত যাব পাৰে বা আৰই-ৰ হটলাইনত ফোন কৰিব পাৰে ।