পুনৰ ভূমিকম্প নেপালত । ৰাজধানী কাঠমাণ্ডুৰ পৰা ১১৩ কিলোমিটাৰ উত্তৰ-পূৱ পোখৰাতৰ ভূ-পৃষ্ঠৰ পৰা ৩৫ কিলোমিটাৰ তলত ভূমিকম্পৰ অভিকেন্দ্ৰ । কাঠমাণ্ডুৰ সূত্ৰ অনুসৰি, এই ভূমিকম্পৰ তীব্ৰতা আছিল ৫.৮ ৰিখটাৰ স্কেল ।
ADVERTISEMENT
বুধবাৰে পুৱা ৫:৩০ বজাত ভূমিকম্প সংঘটিত হয় । অৱশ্যে কেই ছেকেণ্ডমানৰ ভিতৰতে কম্পন স্তব্ধ হৈ পৰে ।
নেছনেল আৰ্থকোৱেক মনিটৰিং এণ্ড চেণ্টাৰৰ মুৰব্বী ছিছম’লজিষ্ট লোকবিজয় অধিকাৰীয়ে শেহতীয়া এক সাক্ষাৎকাৰত জনায়, ‘লামজুং জিলাৰ ভুলেভুলে ভূ-পৃষ্ঠৰ তলত এই ভূমিকম্পৰ উৎপত্তি হয় । এই ভূমিকম্পৰ তীব্ৰতা আছিল ৫.৮ ৰিখটাৰ স্কেল ।’