শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ সন্তানক খুৱাওক এই সমূহ খাদ্য

10 Signs Your Preschooler is Gifted res

সকলো অভিভাৱকেই নিজৰ সন্তানৰ বৃদ্ধি আৰু বিকাশৰ বাবে চিন্তাশীল। অভিভাৱকসকলে বহুতো সময়ত ভাবে যে বয়স অনুসৰি তেওঁলোকৰ সন্তানটিৰ সুস্থ শাৰীৰিক বিকাশ হোৱা নাই। সুস্থ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্যও খুবেই প্ৰয়োজন।

কণী

কণীত যথেষ্ট ভিটামিন থাকে যি শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে। ই মগজুৰ চেলসমূহ বৃদ্ধি কৰাত সহায় কৰে। যিমান বেছি চেল সিমানেই বেছি বুদ্ধি। প্ৰতি পূৱা শিশুক কণী খাবলৈ দিব পাৰে।

দৈ

ফেট থকা দৈ য়ে মগজুৰ চেলসমূহক মজবুত কৰাত যথেষ্ট সহায় কৰে। ই মগজুক চিগনেল গ্ৰহণ কৰা আৰু তাক কাৰ্যত পৰিণত কৰাত সহায় কৰে।

ওটমিল

ওটমিলত যথেষ্ট পৰিমানৰ ফাইবাৰ পোৱা যায় যাক খোৱাৰ পাছত লাহে লাহে হজম হৈ থাকে। ই শিশুক লাহে লাহে শক্তি প্ৰদান কৰাত সহায় কৰে।

মাছ

চৰ্বীৰে পৰিপূৰ্ণ মাছত প্ৰচুৰ পৰিমাণে ভিটামিন ডি আৰু ওমেগা তিনি পোৱা যায় যি মগজুৰ পাহৰা সমস্যাক ঠিক কৰাত সহায় কৰে।

ষ্ট্ৰবেৰী আৰু কলা আঙুৰ

এই দুয়োবিধ ফলতেই এণ্টিঅক্সিডেন্ট পোৱা যায় যি শিশুৰ সংজ্ঞানাত্মক কাৰ্যসমূহ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰোপৰি ইয়াত থকা এণ্টিঅক্সিডেণ্টে মগজুৰ কাম কৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

গাখীৰ

গাখীৰ হৈছে ভিটামিন, প্ৰটিন আৰু ফছফৰাচৰ এক প্ৰধান উৎস। যদি আপোনাৰ সন্তানে গাখীৰ সহজতে হজম কৰিব পাৰে তেন্তে তাক নিতৌ গৰম কৰা গাখীৰ নিশ্চয়কৈ খাবলৈ দিয়ক।

আপেল আৰু আহোম বগৰী

এনে খাদ্যসমূহ আপুনি সন্তানৰ টিফিন বাকচত দিব পাৰে। বিদ্যালয়ত আহাৰ গ্ৰহণ কৰাৰ সময়ত এনে ধৰণৰ ফলে শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে।

Exit mobile version