ক’ভিডৰ চিকিৎসাত ‘ৰেমডেচিভিৰ’ ব্যৱহাৰত নিষেধাজ্ঞা ‘হু’ৰ

কি ক'লে চিকিৎসকে ?

media handler 4

ক’ভিডৰ চিকিৎসা পদ্ধতিৰ তালিকাৰ পৰা অলপতে বাদ দিয়া হৈছিল ‘প্লাজমা থেৰাপী’ । শীঘ্ৰেই এই বাতিল তালিকাৰ অন্তৰ্ভুক্ত হ’ব পাৰে ৰেমডেচিভিৰ বেজী।

এই কথা প্রকাশ কৰিলে দিল্লীস্থিত গংগাৰাম হাস্পতালৰ অধ্যক্ষ ডি এছ ৰানাই। যােৱা বছৰৰ পৰাই কৰ’নাৰ চিকিৎসাত এন্টিভাইৰেল ড্রাগ ‘ৰেমডেচিভিৰ’ৰ ব্যৱহাৰৰ সন্দৰ্ভত প্রশ্ন উত্থাপন কৰিছিল বিশ্ব স্বাস্থ্য সংস্থা (হু)ই।

আকৌ এবাৰ আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৱে মনত পেলাই দি কলে যে ক’ভিডৰ চিকিৎসাত ৰেমডেচিভিৰে কোনাে কার্যকৰী ভূমিকা গ্রহণ কৰাৰ প্রমাণ। এতিয়ালৈকে লাভ কৰা হােৱা নাই।

সেয়েহে ক’ভিডৰ চিকিৎসাত এইবিধ এন্টিভাইৰেল ড্রাগৰ ব্যৱহাৰ বন্ধ কৰিলে ৰােগীৰ ক্ষতি হােৱাৰ কোনাে শংকা নাই। কৰ’নাৰ দ্বিতীয়টো টৌত দেশবাসী চৰম দুর্দশাগ্রস্ত হৈছে।

এনে সময়তে আক্ৰান্তৰ আত্মীয়ই কিছুদিন পূর্বলৈকে প্লাজমা বিচাৰি হাহাকাৰ কৰিবলগা হৈছিল। কিন্তু অৱশেষত ক’ভিডৰ চিকিৎসাত ‘প্লাজমা থেৰাপী’ৰ ব্যৱহাৰ বন্ধ হ’ল।

এইবাৰ ৰেমডেচিভিৰ ব্যৱহাৰ বন্ধৰ পৰামর্শ দিলে হুৱে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে পূর্বে দিয়া নিদের্শত স্পষ্টভাৱে কৈছিল যে ৰােগীক মেডেচিভিৰ বেজী দিয়াৰ পূর্বে চিকিৎসকে বহু দিশ বিবেচনা কৰি চোৱা উচিত হ’ব।

ক’ভিড ৰােগীৰ চিকিৎসাত বিপুলভাৱে ব্যৱহাৰ কৰা এই দৰৱ চিকিৎসা পদ্ধতিৰ পৰা কৰ্তন কৰিলে চিকিৎসকে কি পথ অৱলম্বন কৰিব বুলিও প্রশ্ন উত্থাপিত হৈছে । এই প্রশ্নৰ উত্তৰ দি ডাঃ অৰিন্দম বিশ্বাসে কয়, ‘ৰেমডেচিভিৰে কিন্তু অনেক ৰােগীক উপকাৰ কৰিছিল । আমি অনেক ৰােগীৰ ক্ষেত্ৰত এই দৰৱ ব্যৱহাৰ কৰিছিলাে । সেয়েহে হঠাতে কোনাে সিদ্ধান্ত লােৱাৰ পৰিৱর্তে এই বিষয়ত অধিক গৱেষণা কৰা উচিত হ’ব বুলি মােৰ ধাৰণা হয়। হু’ৱে বাৰে বাৰে নিজকে এক দুর্বল সংস্থা হিচাপে প্রমাণ কৰি আহিছে । তেওঁলােকৰ তৎপৰতাৰ অভাৱত আজি বিশ্বত এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। সেয়েহে ‘হু’ৰ নিৰ্দেশত ভৰসা নকৰি নিজে এই বিষয়ত গৱেষণা কৰাটো উচিত বুলি মই ভাবাে ।’

উল্লেখ্য যে শেহতীয়াভাৱে ক’ভিড আক্রান্তৰ মাজত ‘ব্লেক ফাংগাছ’ নামৰ এবিধ ভেঁকুৰজনিত সংক্রমণে নতুন আতংকৰ সৃষ্টি কৰিছে ।

গৱেষকসকলে দাবী কৰা মতে, কৰ’না আক্ৰান্তৰ চিকিৎসাত মেডেচিভিৰৰ দৰে ষ্টেৰয়ডযুক্ত দৰৱৰ অত্যধিক ব্যৱহাৰ আৰু মধুমেহ আক্ৰান্তৰ ক্ষেত্ৰত ‘ব্লেক ফাংগাছ’ত সংক্রমিত হােৱাৰ শংকা সর্বাধিক হয় ।

ব্লেক ফাংগাছ’ৰ সম্ভাৱ্য সংক্রমণ প্রতিৰােধ কৰিবলৈকে ‘ৰেমডেচিভিৰ দৰৱ কৰ’না ৰােগীৰ চিকিৎসা পদ্ধতিৰ পৰা বাদ পৰাৰ সম্ভাৱনা প্ৰকট হ’ল ।

Exit mobile version