ক’ভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগ-বিহাৰৰ একাধিক ৰে’ল সেৱা বাতিল

unnamed 2

কৰ’নাৰ দ্বিতীয় ঢৌৰ বাবে ইতিমধ্যে পশ্চিমবংগত স্থানীয় ৰে’ল সেৱা বন্ধ কৰা হৈছে । এইবাৰ পশ্চিমবংগ আৰু বিহাৰৰ মাজত চলাচল কৰা একাধিক স্পেচিয়েল ৰে’ল বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল মন্ত্ৰণালয়ে । পূৰ্ব-মধ্য ৰে’লৱেৰ তৰফৰ পৰা এই সিদ্ধান্ত জনোৱা হৈছে । তেওঁলোকে জনায় যে, ২৩ মে’ৰ পৰাই একাধিক ৰে’ল বাতিল কৰা হৈছে । পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত এইসমূহ ৰে’ল বন্ধ থাকিব বুলি জনাইছে ৰে’ল বিভাগে ।

বাতিল কৰা ৰে’লৰ তালিকা –

● ধনবাদ-ৰাঁচী এক্সপ্ৰেছ স্পেচিয়েল (২৩ মে’ৰ পৰা বাতিল )
● ৰাঁচী-ধনবাদ এক্সপ্ৰেছ স্পেচিয়েল (২৪ মে’ৰ পৰা বাতিল)
● ধনবাদ-হাওড়া এক্সপ্ৰেছ স্পেচিয়েল (২৩ মে’ৰ পৰা বাতিল)
● হাওড়া-ধনবাদ এক্সপ্ৰেছ স্পেচিয়েল (২৪ মে’ৰ পৰা বাতিল)
●মুজ্জফৰপুৰ-হাওড়া এক্সপ্ৰেছ স্পেচিয়েল (২৫ মে’ৰ পৰা বাতিল)
● হাওৰা-মুজ্জফৰপুৰ এক্সপ্ৰেছ স্পেচিয়েল (২৬ মে’ৰ পৰা বাতিল)
● ধনবাদ-গোৱা এক্সপ্ৰেছ স্পেচিয়েল (২৩ মে’ৰ পৰা বাতিল)
● গোৱা-ধনবাদ এক্সপ্ৰেছ স্পেচিয়েল (২৩ মে’ৰ পৰা বাতিল)
● ৰাঁচী-দেওঘৰ এক্সপ্ৰেছ স্পেচিয়েল (২৩ৰ মে’ৰ পৰা বাতিল)
● দেওঘৰ-ৰা‌ঁচী এক্সপ্ৰেছ স্পেচিয়েল (২৪ মে’ৰ পৰা বাতিল)
● জয়নগৰ-ভাগলপুৰ এক্সপ্ৰেছ স্পেচিয়েল (২৪ মে’ৰ পৰা বাতিল)
● ভাগলপুৰ-জয়নগৰ এক্সপ্ৰেছ স্পেচিয়েল (২৫ মে’ৰ পৰা বাতিল)

Exit mobile version