ডাকঘৰৰ এইসমূহ আঁচনিৰ বিষয়ে জানেনে ?

post1 k6CB

বিনিয়ােগ কৰিলেই পাব দুগুণ লাভ !

বিনিয়ােগ কৰাৰ বাবে ডাকঘৰত বিভিন্ন ধৰণৰ লাভজনক আঁচনি আছে। তাৰ ভিতৰত এনে কেতবােৰ জমা আঁচনিও আছে যত বেংকৰ তুলনাত অধিক পৰিমাণৰ সুত উপার্জন কৰিব পাৰি। যিকোনাে ব্যক্তিয়ে ডাকঘৰত সাধাৰণ জমা একাউন্ট, ৰেকাৰিং ডিপজিট একাউন্ট, ৰাজহুৱা ভৱিষ্যনিধি (পিপিএফ), মাহিলি আয় আঁচনি আদিৰ আওতাত একাউন্ট খুলিব পাৰে। পিছে আজিৰ লেখাটোত এনে কেইখনমান আঁচনিৰ বিষয়ে আলােচনা কৰিবলৈ ওলাইছাে,যিসমূহত বিনিয়ােগ কৰিলে দুগুণ ৰিটাৰ্ণ ঘূৰি অহাটো একপ্ৰকাৰে নিশ্চিত বুলি ধৰি লব পাৰে।

কিষাণ বিকাশ পত্র (কেভিপি)

কিষাণ বিকাশ পত্ৰ ভাৰত চৰকাৰৰ এক বিশেষ এককালীন বিনিয়ােগ আঁচনি। এই আঁচনিৰ আওতাত এক নির্দিষ্ট সময়ৰ বাবে টকা জমা ৰাখিলে সেই টকা দুগুণ হৈ গ্রাহকৰ হাতলৈ আহে। কেভিপি আঁচনি দেশৰ সকলােবােৰ ডাকঘৰ আৰু বেংক শাখাতে উপলব্ধ। ইয়াৰ মেচিউৰিটী পিৰিয়ড বা ম্যাদ হৈছে ১২৪ মাহ। ন্যূনতম মাত্র ১০০০ টকাৰ পৰা বিনিয়ােগ আৰম্ভ কৰিব পৰা আঁচনিখনত জমা ৰখা টকাৰ পৰিমাণৰ কোনাে ঊর্ধ্বসীমা নাই ।

কেভিপিত চলিত বিত্তীয় বৰ্ষৰ প্রথম ত্রিমাসিকৰ বাবে ৬.৯ শতাংশকৈ সুতৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ সকলােতকৈ ডাঙৰ সুবিধাটো এই যে ইয়াত ১২৪ মাহৰ অন্তত বিনিয়ােগৰ পৰিমাণৰ দুগুণ বেছি ৰিটাৰ্ণ পােৱাৰ নিশ্চয়তা থাকে। অর্থাৎ, আপুনি যদি বিনিয়ােগ কৰিছিল এক লক্ষ টকা ১২৪ মাহৰ ম্যাদ পূৰ হােৱাৰ অন্তত পাব দুই লক্ষ টকা ।

ডাকঘৰৰ টাইম ডিপজিট (পিঅটিডি) : ডাকঘৰৰ টাইম ডিপজিট প্রকল্পক চমুকৈ পিঅটিডি বুলি জনা যায়। এই আঁচনিত বিনিয়ােগ কৰাটো এই সময়ৰ বিভিন্ন বিনিয়ােগ ক্ষেত্রসমূহৰ ভিতৰত তুলনামূলকভাৱে লাভজনক বিকল্প হ’ব পাৰে। পিঅটিডিৰ এক, দুই,তিনি আৰু পাঁচ বছৰৰ বাবে বিভিন্ন ম্যাদত বিনিয়ােগৰ সুবিধা থাকে। একৰ পৰা তিনি বছৰৰ বাবে কৰা টাইম ডিপজিটত গ্রাহকে ৫.৫ শতাংশ পর্যন্ত সুত পাব পাৰে।

বিপৰীতে পাঁচ বছৰৰ বাবে বিনিয়ােগ কৰিলে ৬.৭ শতাংশ হাৰত সুত পাব পৰা যায়। আনহাতে, ম্যাদ পূৰ হােৱাৰ পূর্বেই যদি কোনাে গ্রাহকে টাইম ডিপজিট একাউণ্ট ভাঙি টকাখিনি উলিয়াই নিব খােজে তেন্তে ডাকঘৰৰ জমা একাউণ্টৰ হিচাপত সুত লাভ কৰিব। উল্লেখ্য যে পাঁচ বছৰৰ বাবে কৰা টাইম ডিপজিটত আয়কৰ আইনৰ ৮০ চি ধাৰা অনুযায়ী কৰ ৰেহাইৰাে সুবিধা আছে ।

 

নেছনেল ছেভিংছ চার্টিফিকেট (এন এছ চি)

ডাকঘৰৰ এই আঁচনিয়ে বিনিয়ােগকাৰীক প্রতিবছৰে আশাব্যঞ্জক ৰিটাৰ্ণ দি আহিছে । ৰিটাৰ্ণৰ নিশ্চয়তাৰ লগতে এই আঁচনিত বিনিয়ােগৰ দ্বাৰা আয়কৰাে ৰাহি কৰিব পাৰি । আয়কৰ আইনৰ ৮০ চি ধাৰা অনুযায়ী নেচনেল ছেভিংছ । চার্টিফিকেটত বিনিয়ােগ কৰিলে আয়কৰ ৰেহাই দিয়াৰ ব্যৱস্থা আছে । সর্বাধিক ১.৫ লক্ষ টকা পর্যন্ত আয়কৰ ৰাহি কৰিব পাৰি ইয়াৰ দ্বাৰা । উল্লেখ্য যে এই আঁচনিৰ বার্ষিক ৰিটার্ণ লাভৰ হাৰ হৈছে ৬.৮ শতাংশ ।

Exit mobile version