পঞ্চদশ অসম বিধানসভাত ৰাজ্যপালে প্ৰদান কৰা অভিভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ

সদনক সম্বোধন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ

WhatsApp Image 2021 05 24 at 1.51.55 PM

নিৰ্বাচিত হৈ অহা প্ৰতিগৰাকী বিধায়কক মুখ্যমন্ত্ৰীৰ অভিনন্দন আৰু আদৰণী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতিক প্ৰাণ দিছিলে, ঐতিহ্য দিছিলে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৷

জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে দিনটোৰ ২৪ ঘণ্টাই কাম কৰি যাব ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালক স্মৰণ মুখ্যমন্ত্ৰীৰ৷ তেওঁলোকৰ আদৰ্শৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ৷

সদনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, ভাৰতবৰ্ষৰ প্ৰবহমান ঐতিহ্যই আমাক চিৰদিন চহকী কৰি ৰাখিছে । কল্যাণমুখী ৰাষ্ট্ৰৰ ধৰ্ম হৈছে যিসকল যুগে যুগে পিছপৰি আছে তেওঁলোকক উন্নতিৰ বাট দেখুওৱা। চাহ জনজাতিৰ উন্নয়নৰ বাবে আমি নিৰন্তৰ কাম কৰি আছো বুলি উল্লেখ কৰি তেওঁ কয় যে, যোৱা পাঁচটা বছৰে সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ যি উন্নয়নৰ কথা কৈ আহিছিল সেই উন্নয়নৰ গতি আমি খৰতকীয়া কৰিবলৈ চেষ্টা কৰিম। যোৱা পাঁচ বছৰে আৰম্ভ কৰা উন্নয়নৰ ধাৰাবাহিকতা আগন্তুক দিনত অব্যাহত ৰাখিম৷

প্ৰথমবাৰৰ বাবে অসমত অকংগ্ৰেছী চৰকাৰে ধাৰাবাহিকভাৱে দুবাৰ বিজয়ী হৈ অসমৰ ৰাজনীতিত এক নতুন অধ্যায় সৃষ্টি কৰিলে। কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ হৈছিল, তেজৰ ফাকু বৈছিল আমাৰ হৃদয়ত গভীৰ বেদনা হৈছিল৷
যোৱা পাঁচ বছৰত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই৷ নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিছো‌‌ ৷ সোণোৱাল ডাঙৰীয়াই মূল্যবোধৰ এক নতুন ৰাজনীতি প্ৰতিষ্ঠা কৰিলে।

বিৰোধী পক্ষৰ প্ৰতিটো কথাৰ উত্তৰ চৰকাৰী পক্ষৰ লগত থাকিব। যোৱা পাঁচ বছৰত কংগ্ৰেছৰ শাসনত বিদ্বেষৰ বীজ ৰোপণ হৈছিল ৷ আমাৰ কাৰ্যকালত শান্তিৰ মলয়া বতাহ হৈছে ৷ ইতিহাসে অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক অন্যতম সফল চৰকাৰ বুলি গণ্য কৰিব৷ বিৰোধীয়ে দুটা কথা অধিক কোৱাৰ স্বাৰ্থত সদনৰ সময় বৃদ্ধিত আমাৰ কোনো আপত্তি নাই। চৰকাৰখন ৰেলপথৰ পৰা আঁতৰি গলে ৰেলপথলৈ ঘূৰাই অনাত বিৰোধীয়ে কথা কওক।

গতিশীল আৰু প্ৰাণৱন্ত এখন বিধানসভা অসমৰ ৰাইজৰ অধিকাৰ। চৰকাৰখন যদি ৰে’লপথৰ পৰা আঁতৰি গৈছে তেতিয়াহ’লে চৰকাৰখনক পথলৈ উভতাই অনাৰ দায়িত্ব বিৰোধীৰ ৷ লবীত আমাৰ কথা নহয়, বিধানসভাত কথা হ’ব ৷ ৰাইজৰ আশা-আকাংক্ষা আমি পূৰণ কৰিব৷ শান্তিৰ অসম নতুন প্ৰজন্মৰ অধিকাৰ ৷ ৰিতুল শইকীয়া মুকলি কৰাৰ বাবে আলফাক ধন্যবাদ ৷ কাৰ্বি আংলঙৰ শান্তি চুক্তি কৰাৰ দিশত আমি আগবাঢ়িছো ৷

বিধায়ক অখিল গগৈক আহল-বহলকৈ বাছত বহুৱাই অনা হৈছে ক’ভিড প্ৰট’কল মানি ৷ পশ্চিমবংগই এটা বছৰত লাভ কৰা সাফল্যতকৈ অসমে স্বাস্থ্য খণ্ডত অধিক সাফল্য লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয় । যোৱা পাঁচ বছৰত আমি কাম কৰিছো ৷ স্বাক্ষৰতাৰ দিশত আমি শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত আছো৷ ক’ভিড ব্যৱস্থাপনাত আমি শীৰ্ষ ৰাজ্যৰ ভিতৰত থাকিম ৷ ছিক্কিমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যক অক্সিজেন অসমে দিছে৷ পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান ৷

ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু ধনৰ প্ৰয়োজন ৷ সেয়েহে আমি লাহে লাহে এই দিশত অগ্ৰসৰ হ’ব লাগিব ৷ ক’ভিডৰ ৰিকভাৰী ৰেট, মৰ্টেলিটী ৰেট আৰু ডিজিজ বাৰ্ডেন ৰেটৰ দিশত অসমে এইবাৰো প্ৰথম দুখন ৰাজ্যৰ মাজত থাকিব। ঝাৰখণ্ড, তেলেংগানী আদি ৰাজ্যকো আমি প্ৰয়োজনীয় ঔষধৰ যোগান ধৰিছো । অসমৰ ক’ভিড ব্যৱস্থাপনা আন কোনো ৰাজ্যৰ লগত তুলনা নহয়।

আজি সমগ্ৰ উত্তৰ-পূবৰ ৰাইজ অসমৰ প্ৰতি কৃতজ্ঞ। চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসকে নিৰন্তৰ সেৱা আগবঢ়াইছে৷ চিকিৎসকক জনসাধাৰণে প্ৰশংসাৰে ওপচাই দিছে ৷ ঝাৰখণ্ড, তেলেংগানী আদি ৰাজ্যকো আমি প্ৰয়োজনীয় ঔষধৰ যোগান ধৰিছো । যিদিনাৰ পৰা আমাৰ চৰকাৰ আহিলে মন্ত্ৰীসকলে দিনে-নিশাই চিকিৎসালয় পৰিদৰ্শন কৰিছে ৷ ক’ভিড পজিটিভিটিৰ ৰেট ইতিমধ্যে পাঁচ শতাংশৰ তললৈ আনিছো ৷

অসমত এগৰাকী ৰোগীয়েও আই চি ইউ নোপোৱাকৈ থকা নাই। নিৰ্বাচনোত্তৰ কালছোৱাত কভিড ব্যৱস্থাপনাত কংগ্ৰেছে স্পীডব্ৰেকাৰ লগাই দিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলৰ মানসিকতাত সংশোধনৰ প্ৰয়োজনীয়তা আছে । অসমে বহিঃৰাজলৈ ৰেমডিচিভিৰ যোগান ধৰিছে ৷ এয়া নতুন অসমৰ উদাহৰণ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ ।

এক লাখ ল’ৰাক গণি গণি চাকৰি দিম ৷ সেই সভাত বিৰোধী দলপতিকো বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰিম ৷ মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ কৰিম ৷ বৰাকৰ বুকুত খনন হৈছে ৷ মথাউৰিসমূহে নতুন প্ৰাণ পাইছে ৷

Exit mobile version