বোকাজানৰ বৰপথাৰত ড্ৰাগছসহ আটক মহিলা সৰৱৰাহকাৰী

WhatsApp Image 2021 05 25 at 3.50.50 PM

বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত খাকৰাজান তিনিআলিত আৰক্ষীৰ যৌথ তালাচীত এখন বাছৰ পৰা বৃহৎ পৰিমাণৰ হেৰইনসহ এগৰাকী মহিলা সৰৱৰাহকাৰীক আটক কৰে ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি বিশেষ খবৰৰ ভিত্তিত ডিমাপুৰৰ পৰা অহা এ.এছ.১৯ এ.চি ০০৭৪ নম্বৰৰ বাছখনত তালাচী চলাই ৬৪ টা চাবোনৰ বাকছত সোমোৱাই অনা ৭২৩ গ্ৰাম হেৰইন উদ্ধাৰ কৰাৰ লগতে দুটা বেগত ভৰাই অনা সৰৱাহকাৰী এগৰাকী মহিলাকো আটক কৰে ৷

আটকাধীন মহিলাগৰাকী খটখটী কছাৰী গাঁৱৰ ৰিম্পা হাজৰিকা বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছখিনি গুৱাহাটীলৈ নি আছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে ৷

বোকাজান মহকুমাৰ, মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান,বৰপথাৰ আৰু খটখটী আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ ধৃত মহিলা গৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version