কৰ’না প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা বুজাবৰ বাবে আৰু উৎসাহিত কৰিবৰ বাবে সোমবাৰে মধ্যপ্ৰদেশৰ উজ্জয়িনী জিলাৰ মালিখেদি গাঁৱত এটা চৰকাৰী প্ৰতিনিধি দল গৈছিল । সেই দলৰ নেতৃত্বত আছিল মহিলা মৌজাদাৰ । গাঁওখনত গৈ গাঁওবাসীৰ আক্ৰমণৰ বলি হয় দলটো । তেওঁলোকক মাৰ-ধৰ কৰা হয় বুলিও অভিযোগ উত্থাপন হয় । গাঁওখনত পাৰদি সম্প্ৰদায়ৰ লোক বাস কৰে । কৰ’না প্ৰতিষেধকৰ সন্দৰ্ভত এই পৰ্যন্ত একাংশ লোকৰ মনত থকা ভুৱা ধাৰণা দাঙি ধৰে এই চিত্ৰই ।
প্ৰতিষেধকৰ বিষয়ত সেই গাঁৱত ইয়াৰ পূৰ্বেও এটা দল গৈছিল । কিন্তু সেই সময়তো প্ৰতিষেধক গ্ৰহণ কৰাত আগ্ৰহী নাছিল গাঁওবাসীসকল । আক্ৰমণত মালিখেদিৰ পঞ্চায়ত সদস্যাৰ স্বামী ছাকিল মহম্মদ কুৰেশ্বি আহত হয় । তেওঁৰ মূৰ ফাটে । দলৰ বাকী সদস্যসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে ।
ऐसे कैसे लगेगा टीका? उज्जैन में पारदी मोहल्ले में टीका लगाने गई स्वास्थ्य विभाग की टीम पर हमला, एक स्वास्थ्यकर्मी का सिर फूटा … मध्यप्रदेश के कई ग्रामीण इलाकों से आ रही है ऐसी खबरें @ndtv @ndtvindia #VaccinationDrive #vaccinated @manishndtv @GargiRawat pic.twitter.com/jvf7h38FmD
— Anurag Dwary (@Anurag_Dwary) May 24, 2021
গাঁওখনলৈ যোৱা দলটোৰ এজন সদস্যই কয়, ‘মৌজাদাৰ, আশাকৰ্মী, স্থানীয় পঞ্চায়তৰ সদস্য একজোঁট হৈ গাঁওখনলৈ গৈছিলো । প্ৰায় ৫০ জনীয়া এটা সশস্ত্ৰ দলে আমাক ঘেৰাও কৰে আৰু আক্ৰমণ চলাই ।’
আহত কুৰেশ্বিয়ে কয়, ‘কিবা বুজাৰ পূৰ্বেই গাঁওবাসীয়ে আমাক মাৰিবলৈ ধৰে । মই আঘাত পাইছো । মৌজাদাৰ আৰু অন্যান্য সদস্যসকলে পলায়ন কৰে ।’
অতিৰিক্ত আৰক্ষী ছুপাৰ ভুৰিয়াই কয়, ‘এই ঘটনাৰ স’তে জড়িত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত অব্যাহত আছে ।’