দেশত ক্ৰমে বৃদ্ধি পাইছে চাইবাৰ জালিয়াতি। বিভিন্ন উপায়ৰে অনলাইনত হেকাৰে জাল পাতিছে। হেকিঙৰ জৰিয়তে কৰা হৈছে অহৰহ জালিয়াতি।
হেকাৰে সাধাৰণতে ম’বাইলত ভুৱা ফোনকল আৰু এছ এম এছৰ জৰিয়তে সাধাৰণ লােকক প্ৰৱঞ্চনা কৰি আহিছে । চাইবাৰ জালিয়াতিৰ সন্দৰ্ভত দেশবাসীক সতর্ক কৰিলে দিল্লী আৰক্ষীৰ চাইবাৰ অপৰাধ নিয়ন্ত্রণ শাখাই ।
বিভাগটোৱে একাধিক ফোন নম্বৰ ৰাজহুৱা কৰি দেশবাসীক এনে ফোনকল গ্ৰহণৰ পৰা বিৰত থাকিবলৈ পৰামর্শ দিছে । দিল্লী আৰক্ষীৰ চাইবাৰ অপৰাধ নিয়ন্ত্রণ শাখাৰ উপ আয়ুক্তই টুইটাৰ হেণ্ডেলত কে’বাটাও এছ এম এছৰ স্ক্রিনশ্বট শ্বেয়াৰ কৰিছে।
এই জাল ফোন নম্বৰৰ পৰা এছ এম এছ কৰি হেকাৰে সাধাৰণ লােকক কে ৱাই চি জমা দিয়া, এ টি এম কার্ড বন্ধ হােৱা আদিৰ কথা উল্লেখ কৰি জালত পেলােৱাৰ অপচেষ্টা চলাই আহিছে।
ফোন কৰােতা ব্যক্তিয়ে নির্দিষ্ট নম্বৰত ফোন কৰিবলৈকো ম’বাইল ব্যৱহাৰকাৰীক পৰামর্শ দিয়ে। দিল্লী আৰক্ষীয়ে চাইবাৰ অপৰাধৰ এনে জালত পৰাৰ পৰা সাৱধানে থাকিবলৈ সকলােকে পৰামর্শ দিলে।
টুইটত দিল্লী আৰক্ষীয়ে শ্বেয়াৰ কৰা ভুৱা ফোন নম্বৰকেইটা হৈছে ৭৪৭৭৩৬৩৮০৪,৭৮১৫০৫৯৫৩১,৭৬০৪০১৫৪৭১, ৭৪৭৮৩৮৮২৮৭, ৯০০৭৯৪১৩৮৭ আৰু ৭০৬৩৬৫৮২২৭। চাইবাৰ অপৰাধ নিয়ন্ত্রণ শাখাই দেশবাসীক এই নম্বৰকেইটাৰ ফোনকল আৰু এছ এম এছৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামর্শ দিছে।
হেকাৰৰ নিৰ্দেশত বা অনুৰােধত কোনাে এপ ম’বাইলত ডাউনলােড কৰিব নালাগে বুলিও আৰক্ষীয়ে পৰামর্শ দিছে।