জুলাইত কেন্দ্রীয় কৰ্মচাৰীয়ে লাভ কৰিব পাৰে অধিক বেতন

7th pay commission 1564760783

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হােৱা বিত্তীয় সংকটৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে কৰ্মচাৰীসকলৰ মূল্যবৃদ্ধি ভাট্টা বন্ধ কৰি ৰাখিছিল ।

২০২০ৰ জানুৱাৰীৰ পৰা কেন্দ্রীয় কর্মচাৰীৰ এই ভাট্টা চৰকাৰে বন্ধ ৰখাৰ নির্দেশ দিছিল । ২০২১ জুনলৈকে এই নির্দেশনা বাহাল থাকিব । ২০২০ জানুৱাৰীত কেন্দ্রীয় কর্মচাৰীৰ মৰগীয়া বানছ চাৰি শতাংশ বৃদ্ধি ঘােষণা কৰিছিল ।

ইয়াৰ পাছত ২০২০ জুনত এই বানছৰ পৰিমাণ তিনি শতাংশলৈ বৃদ্ধি হৈছিল । জানুৱাৰী ২০২১ত মগৰীয়া বানছ চাৰি শতাংশলৈ বৃদ্ধি পায় । এইদৰে মৰগীয়া বানছ ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি পােৱাৰ ফলত কেন্দ্রীয় কর্মচাৰীসকল লাভান্বিত হ’ব ।

কিন্তু চৰকাৰে যােৱা বছৰৰ জানুৱাৰীৰ পৰা এই বানছ প্রদান বন্ধ ৰাখিছে । কেন্দ্রীয় বিত্ত বিভাগৰ এক সূত্রই প্রকাশ কৰা অনুসৰি, অহা জুলাইৰ পৰা কেন্দ্রীয় কর্মচাৰীয়ে প্রাপ্য ভাট্টাসহ অধিক বেতন লাভ কৰাৰ সম্ভাৱনা আছে ।

Exit mobile version