মার্কিন ৰিয়েলিটী তাৰকা কীম কার্ডেয়ািনৰ বিৰুদ্ধে তেওঁৰ সাতজন ঘৰুৱা কৰ্মচাৰীয়ে গুৰুতৰ অভিযােগ উত্থাপন কৰিলে ।
লছ এঞ্জেলছৰ কীমৰ বাসগৃহত কৰ্মৰত এই সাতজন কর্মচাৰীয়ে উত্থাপন কৰা অভিযােগ অনুসৰি তাৰকাগৰাকীয়ে তেওঁলােকক সময় মতে বেতন আদায় দিয়া নাই আৰু খাদ্য গ্রহণৰ বাবেও প্রয়ােজনীয় সময় দিব নিবিচাৰে ।
অতিৰিক্ত সময়ৰ কামৰ বাবে ধন বিচাৰিলে কীমে তেনে কর্মচাৰীক চাকৰিৰ পৰা বখাস্ত কৰে বুলিও কর্মচাৰীকেইজনে অভিযােগ কৰিছে ।
এই সন্দৰ্ভত সাতজন কর্মচাৰীয়ে যােৱা সােমবাৰে লছ এঞ্জেলছ আদালতত এক গােচৰ ৰুজু কৰে । উল্লেখ্য যে লছ এঞ্জেলছৰ হিডন হিলছত থকা কীমৰ বাসগৃহৰ মূল্য প্রায় ৪৩৮ কোটি টকা ।
এনে বিলাসী বাসভৱনত কীমে যথেষ্টসংখ্যক ঘৰুৱা বনকৰা লােকক নিয়ােগ কৰিছে। কিন্তু উত্থাপিত অভিযােগ অনুসৰি তাৰকাগৰাকীয়ে প্রায়ে কর্মচাৰীসকলক দুর্ব্যৱহাৰ কৰাৰ লগতে বেতন সঠিক সময়ত লাভৰ পৰাও বঞ্চিত কৰি আহিছে । অৱশেষত কীমৰ এনে আচৰণত অতিষ্ঠ হৈ সাত কর্মীয়ে আদালতৰ দ্বাৰস্থ হ’ল ।