মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বন্যপ্ৰাণী সুৰক্ষা সন্দৰ্ভত পৰ্যালোচনা বৈঠক

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বোকাখাত মহকুমাৰ কাজিৰঙাৰ কহৰাস্থিত বৰগছ ৰিজ’ৰ্টত আসন্ন বাৰিষাৰ সময়ছোৱাত নগাঁও, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ আৰু কাৰ্বি আংলং জিলাত বিশেষকৈ কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশ লয় ।

বৈঠকত বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যকে আদি কৰি পাঁচখন জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ উপস্থিত থাকে ।

Exit mobile version