অব্যৱহৃত হৈ থকা নৱগ্ৰহৰ গেছ চালিত শ্মশান পৰিদৰ্শন জি এম চি ৰ নৱনিযুক্ত আয়ুক্ত দেৱাশিস শৰ্মাৰ

গেছ চালিত শ্মশান পুনৰ কাৰ্যক্ষম কৰাৰ পদক্ষেপ

WhatsApp Image 2021 05 28 at 2.21.11 PM 1

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১২ চনত মুকলি কৰা নৱগ্ৰহৰ গেছ চালিত শ্মশান গৃহ আজি কেইবছৰ ধৰি অব্যৱহৃত হৈ পৰি আছে ।

অসম চৰকাৰৰ পুঁজিৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰা গেছ চালিত শ্মশানখন ইমানদিনে মেৰামতিৰ নোহোৱাত ৰাজহুৱা ধনৰ অপচয় হোৱাৰ লগতে গুৱাহাটীবাসীয়েও এই শ্মশানখন ব্যৱহাৰ কৰিব পৰা নাছিল ।

এই গেছ চালিত শ্মশানখন পুনৰ কাৰ্যক্ষম কৰাৰ পদক্ষেপ এতিয়া গ্ৰহণ কৰা হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত আয়ুক্ত দেৱাশিস শৰ্মাই আজি গেছচালিত শ্মশানখনৰ যন্ত্ৰপাতিৰ অৱস্থাৰ বুজ লয় । তেওঁ কয়, ‘গুৱাহাটীৰ দৰে এখন মহানগৰৰ বাবে গেছচালিত শ্মশানৰ প্ৰয়োজন আছে ।

গেছচালিত শ্মশানৰ সা-সৰঞ্জামৰ যাৱতীয় মেৰামতি কৰি ইয়াক কাৰ্যক্ষম কৰি তোলা হ’ব ।’ গেছ চালিত শ্মশানখন পুনৰ কাৰ্যক্ষম কৰি পৰিচালনা কৰাৰ ক্ষেত্ৰত যাৱতীয় সহায় সহযোগ কৰাত আগ্ৰহ দেখুওৱাইছে গুৱাহাটী ৰ’টাৰী ক্লাৱে ।

ৰটাৰী ক্লাৱৰ একাংশ বিষয়ববীয়াইও আজি GMCৰ নৱনিযুক্ত আয়ুক্ত গৰাকীক শ্মশানথলী পৰিদৰ্শনৰ সময়ত সংগ দিয়ে ।

Exit mobile version