ক’ভিড পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা SOPৰ ফলত বিশেষ ক্ষতিৰ সন্মুখীন কোকৰাঝাৰ জিলাৰ শক্তিআশ্ৰম পালপাৰাৰ মৃৎ শিল্পীসকল।
সম্প্ৰতি দেশ তথা ৰাজ্যৰ চোদিশে দিয়া ক’ৰনা প্ৰ’টকলৰ সন্ত্ৰাসে সৰ্বসাধাৰণৰ লগতে মৃৎ শিল্পীসকলকো কোঙা কৰা কৰিছে।
পালপাৰা গাঁওৰ মৃৎ শিল্পীসকলে বজাৰৰ অভাৱত নিজ হাতে তৈয়াৰ কৰা সা-সজুলি সমূহ বিক্ৰী কৰিব নোৱাৰি আৰ্থিক ভাবে জুৰুলা হৈ পৰিছে । এনে পৰিস্থিতিত কাল অমানিশা নামি আহিছে ৰাজ্যৰ মৃৎ শিল্পী সকললৈ ৷
বজাৰ সমাৰ সকলো বন্ধ হোৱাৰ ফলত মিৎ শিল্পীসকলে তেওঁলোকে নিৰ্মাণ কৰা সামগ্ৰী সমূহ বিক্ৰী কৰিব পৰা নাই। ফলত মিৎ শিল্পীসকলৰ পানীত হাঁহ নচ’ৰা অৱস্থা হৈছে ।
উল্লেখ্য যে, পালপাৰা গাওঁবাসীয়ে বছৰ বছৰ ধৰি মাটিৰ বিভিন্ন বাচন-বৰ্তন নিজ ঘৰতে নিৰ্মান কৰি জিলাখনৰ বিভিন্ন বজাৰত বিক্ৰী কৰি আহিছিল।
যদিও বৰ্তমান বহু দিন ধৰি বজাৰ-ঘাট নথকাৰ ফলত এই সকল মৃৎ শিল্পীসকলে পৰিয়ালক পোহ-পাল দিয়াত ভীষন অসুবিধাৰ সমুখীন হৈছে । স্মৰ্তব্য যে, এইসকল শিল্পীৰ খেতি বুলিবলৈ একোৱেই নাই।
সেয়ে মৃৎ শিল্পীসকলে নৱগঠিত চৰকাৰলৈ সহায়-সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।