স্থগিত নহয় চেণ্ট্ৰেল ভিস্তাৰ কাম, জনালে দিল্লী উচ্চ ন্যায়ালয়ে

গোচৰ দাখিলকাৰীৰ বিৰুদ্ধে এক লাখ টকাৰ জৰিমনা

India gate 20210412

ক’ভিড পৰিস্থিতিৰ মাজতে নতুন সাংসদ ভৱন অৰ্থাৎ চেণ্ট্ৰেল ভিস্তা প্ৰকল্পৰ কাম আৰম্ভ হোৱাক লৈ সমালোচনাৰ সৃষ্টি হৈছিল । কিন্তু এই প্ৰকল্পৰ কাম অব্যাহত ৰাখিবৰ বাবে ক’লে দিল্লী উচ্চ ন্যায়ালয়ে । দিল্লীৰ উচ্চ ন্যায়ালয়ে জনায়, ‘চেণ্ট্ৰেল ভিস্তা অপৰিহাৰ্য প্ৰকল্প’ ইয়াক স্থগিত ৰাখিব নোৱাৰি ।

এই প্ৰকল্পৰ বিৰুদ্ধে দাখিল কৰা এক গোচৰৰ পৰিপ্ৰেক্ষিতত এই শুনানি দিছিল ন্যায়াধীশসকলে । লগতে গোচৰ ৰুজু কৰোতাৰ বিৰুদ্ধে জৰিমনাও বিহা হৈছে ।

সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰধান ন্যায়াধীশ ডিএন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙৰ ডিভিছন বেঞ্চত উত্থাপন কৰা হৈছিল গোচৰতো । ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে জনায় যে, অতিমাৰী পৰিস্থিতিত চেণ্ট্ৰেল ভিস্তা প্ৰকল্পৰ কাম বন্ধ কৰাৰ কোনো প্ৰশ্ন‌ই নোঠে । ন্যায়ালয়ে জনায় যে, চুক্তি অনুযায়ী, নৱেম্বৰৰ ভিতৰতে প্ৰকল্পৰ কাম শেষ কৰাৰ কথা ঠিকাদাৰ সংস্থা পালোনজিৰ, সেয়ে প্ৰকল্পৰ কাম চলি থাকিব ।

ন্যায়ালয়ে এই প্ৰকল্পত স্থগিতাদেশ দিবৰ বাবে প্ৰস্তুত নহয় । এই আবেদন ‘উদ্দেশ্যপ্ৰণোদিত’ বুলিও মন্তব্য কৰিছে ন্যায়াধীশসকলে । গোচৰ দাখিলকাৰীৰ বিৰুদ্ধে এক লাখ টকাৰ জৰিমনা বিহিছে দিল্লী ন্যায়ালয়ৰ ডিভিছন বেঞ্চে ।

Exit mobile version