উলুবাৰী কালি মন্দিৰ সমিতিৰ আহাৰ বিতৰণ

WhatsApp Image 2021 06 01 at 6.37.22 PM

ক’ভিড-১৯ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যত দিনৰ ১১ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হৈ আছে ৷ ইয়াৰ বাবেই এচাম শ্ৰমজীৱী লোকে যঠেষ্ট আৰ্থিক সংকটত ভুগিছে ৷ যাৰ বাবে এইসকল শ্ৰমজীৱী লোকে এসাঁজ খাই এসাঁজ লঘোনে থাকিবলগীয়া হৈছে ৷ এইসকল লোকক সামান্য সহায়ৰ বাবে উলুবাৰী কালি মন্দিৰ সমিতিয়ে আগবাঢ়ি অহা দেখা গৈছে ৷

আজি কালি মন্দিৰ সমিতৰ কেইজনমান সদস্যই মহানগৰীৰ উলুবাৰী, ভঙাগড়, পানবজাৰ অঞ্চলত প্ৰায় তিনি শতাধিক শ্ৰমজীৱী মানুহক দুপৰীয়াৰ আহাৰ যোগান ধৰে ৷ সমিতিৰ সদস্য হৃষীৰাজে জানিবলৈ দিয়া মতে, ক’ভিডৰ এই সময়ছোৱাত এচাম পদপথৰ লোকৰ লগতে দিনহাজিৰা কৰা এচাম শ্ৰমজীৱী লোকৰ খাদ্য সামগ্ৰীৰ যঠেষ্ট অসুবিধা হৈছে ৷

সেয়ে মন্দিৰ সমিতিয়ে হোটেলৰ পৰা আজি তিনিশ প্লেট নিৰামিষ ভাত আনি পদপথত বসবাস কৰা পৰিয়ালৰ লগতে শ্ৰমজীৱী লোকক আহাৰ প্ৰদান কৰে ৷

Exit mobile version