‘বঙালি প্ৰধানমন্ত্ৰী’ হেছটেগেৰে মমতাৰ সমৰ্থনত প্ৰচাৰ, বিপুল দাবী টুইটাৰত

1622545204 bengali pm

পৰৱৰ্তী নিৰ্বাচনত নৰেন্দ্ৰ মোদী-বিৰোধী ‘মুখ’ হিচাপে মমতা বেনাৰ্জীক বিচাৰি এইবাৰ প্ৰচাৰ আৰম্ভ হ’ল সামাজিক মাধ্যমত । সোমাবাৰৰ পৰা টুইটাৰত ট্ৰেণ্ড হৈ আছে, ‘বঙালি প্ৰধানমন্ত্ৰী’ হেছটেগ প্ৰচাৰ ।

বিধানসভা নিৰ্বাচনৰ ফল প্ৰকাশৰ পাছৰ পৰাই ৰাজনীতিত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ তৃণমূল নেত্ৰীক দাঙি ধৰাৰ বাবে সামাজিক মাধ্যমত প্ৰচাৰ আৰম্ভ হৈছে । তৃণমূলৰ নেতা-কৰ্মীসকলৰ লগতে বিজেপি বিৰোধী নেতাসকলৰ এক বৃহৎ অংশই এই প্ৰচাৰত যোগ দিছে । আলাপন বন্দ্যোপাধ্যায়ক লৈ কেন্দ্ৰ-ৰাজ্য সংঘাতৰ পৰিস্থিতিত সামাজিক মাধ্যমত এই প্ৰচাৰ অধিক তীব্ৰতৰ হৈছে ।

দেওবাৰৰ পৰাই মমতাৰ ফটো দি ‘বঙালি প্ৰধানমন্ত্ৰী’ হেছটেগ প্ৰচাৰ আৰম্ভ হৈছে । প্ৰাক্তন ক্ৰিকেটাৰ তথা তৃণমূল বিধায়ক মনোজ টিৱাৰিয়েও সোমবাৰে ‘বঙালি প্ৰধানমন্ত্ৰী’ হেছটেগ দি টুইট কৰে । তেওঁ লিখে, ‘বংগ‌ই আজি যি ভাবিছে, ভাৰতে কালি সেইটো ভাবিব ।’ মোদী আৰু অমিত শ্বাহৰ মডেল ব্যৰ্থ হৈছে বুলি দাবী কৰি মনোজে লিখে, ‘দিদিয়ে আমাক নেতৃত্ব দিব । যিদৰে তেওঁ উন্নয়নৰ মডেল বাস্তৱায়িত কৰি বংগক নেতৃত্ব দিছে ।’

তৃণমূল ছাত্ৰ পৰিষদৰ ৰাজ্য সভাপতি তৃণাংকুৰ ভট্টাচাৰ্য, দলৰ যুৱনেতা দেবাংশু ভট্টাচাৰ্যসহ বহুতে এই প্ৰচাৰত যোগ দিছে । মমতাক লৈ নানান মন্তব্য‌ও কৰা হৈছে । কোনোৱে লিখিছে, ‘২০২৪ত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মমতাই যোগ্য ।’ কোনোৰ মতে আকৌ, ‘ভাৰতে বংগৰ জীয়ৰীকে বিচাৰে ।’ ‘দিদিক এইবাৰ প্ৰধানমন্ত্ৰী হিচাপে লাগে ।’

Exit mobile version