ভাৰতত লাভ কৰা কৰ’নাৰ এটা প্ৰজাতিক লৈয়ে উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা (হু) । কৰ’নাৰ এই প্ৰজাতি অত্যন্ত প্ৰাণঘাতী আৰু অধিক সংক্ৰামক । ইয়াৰ প্ৰতিষেধকে তৈয়াৰ কৰা ৰক্ষাকৱচকো ভঙাৰ ক্ষমতা আছে বুলি দাবী কৰিছে হু-এ ।
কৰ’নাৰ এই প্ৰজাতিৰ নাম ‘বি.১.৬১৭.২’ । ভাৰতত কৰ’না ভাইৰাছৰ তিনিবাৰ ৰূপ পৰিৱৰ্তনকাৰী প্ৰজাতি অৰ্থাৎ বি.১.৬১৭ ৰ সন্ধান পোৱা গৈছে । ইয়াৰেই এটা ৰূপ এই প্ৰজাতি । বিগত মাহত এই প্ৰজাতিৰ তিনিটা প্ৰকাৰভেদকে উদ্বেগজনক ভাইৰাছ হিচাপে চিহ্নিত কৰিছিল হু-এ ।
মংগলবাৰে এক বিবৃতিত হু-ৰ বৈজ্ঞানিকসকলে জনায়, এই ভাইৰাছৰ তিনিটা প্ৰকাৰভেদৰ বাকী দুটা সিমান বিপজ্জনক নহয় । বি.১.৬১৭.২ ক লৈয়ে উদ্বেগ আছে । অতিমাৰীৰ খবৰেৰে প্ৰত্যেক সপ্তাহে বিবৃতি দিয়ে হু-এ । তেনে এক বিবৃতিত হু-এ জনায়, ‘এইটো নিশ্চিত যে, এই প্ৰকাৰভেদৰ সংক্ৰমণ ক্ষমতা অধিক । ই জনস্বাস্থ্যক সংকটাপন্ন কৰি তুলিব পাৰে ।’
ভাৰতত কৰ’না সংক্ৰমণৰ দ্বিতীয় ঢৌৰ কাৰণ ট্ৰিপল মিউটেন্ট প্ৰজাতি বি.১.৬১৭ বুলিয়ে দাবী কৰা হৈছিল । ভাইৰাছৰ এই বিশেষ প্ৰজাতিৰ নামকৰণক লৈ কিছুদিন পূৰ্বে আপত্তি দৰ্শাইছিল ভাৰতে । ভাইৰাছবিধক ‘কৰ’নাৰ ভাৰতীয় প্ৰজাতি’ বুলি উল্লেখ কৰাই আছিল অসন্তোষৰ কাৰণ । সম্প্ৰতি বি.১.৬১৭ প্ৰজাতিটোক ক’ভিড-১৯ৰ ‘ডেল্টা’ প্ৰজাতি বুলি নামাকৰণ কৰিছে হু-এ ।