গ্রীক বর্ণমালা অনুসৰি, কৰ’না ভাইৰাছৰ বিভিন্ন প্রজাতিৰ নামকৰণ কৰিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই । নতুন পদ্ধতিৰে ভাৰতত সন্ধান লাভ কৰা কৰ’নাৰ বি.১.৬১৭.২ প্রজাতিৰ ভাইৰাছৰ নাম হুৱে ‘ডেল্টা’ ৰাখিলে।
আনহাতে, ভাৰততে সন্ধান লাভ কৰ’নাৰ আনবিধ প্রজাতি বি.১.৬১৭.১ক নাম দিলে ‘কাপ্পা’ । ইমানদিনে মূলত কৰ’না ভাইৰাছৰ প্ৰজাতিক বিজ্ঞানসন্মত নামৰে চিহ্নিত কৰা হৈছিল।
চলিত ভাষাত বিশ্বৰ যি দেশত প্রথম নতুন প্রজাতিৰ ভাইৰাছৰ সন্ধান লাভ কৰা হৈছিল, সেই দেশৰ নামৰ উক্ত ভাইৰাছ পৰিচিত হৈছিল । কিন্তু বি.১.৬১৭ প্রজাতিক ভাৰতীয় প্রজাতি বুলি চিহ্নিত কৰাত তীব্র আপত্তি প্রকাশ কৰিছিল ভাৰত চৰকাৰে।
ভাৰতৰ আপত্তিলৈ সমর্থন ব্যক্ত কৰি হুই স্পষ্টভাৱে কৈছিল যে ভাইৰাছ বা ইয়াৰ প্ৰজাতিক প্রথমে ধৰা পৰা দেশৰ নামৰে চিহ্নিত কৰাৰ পক্ষপাতি আন্তর্জাতিক সংস্থাটো মুঠেও নহয়।