স্বাধীনতাৰ ৭০ বছৰ উকলিল, হৈ নুঠিল বাগ্‌সাৰ কুন্দৰগাঁৱৰ মৰাপটা জানৰ দলং

ৰাইজৰ দুৰ্বিষহ যাতায়াত অব্যাহত

WhatsApp Image 2021 06 02 at 8.22.31 AM 1

বাৰিষাৰ আগমনৰ লগে লগে শংকিত হৈ পৰিছে বাগ্‌সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত কুন্দৰগাঁওবাসী ৰাইজ ৷ ভোটেপোৱাবড়ীৰ পৰা ভোগপুৰলৈ যোৱা মূল পথৰ ওপৰত স্বাধীনতাৰ ৭০ বছৰ উকলি যোৱাৰ পাছতো মৰাপটা জানৰ দলংখন আজিলৈ হৈ নুঠিল । যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে জীয়াতু ভূগি আহিবলগীয়া হৈছে ।

অসম গণ পৰিষদৰ চৰকাৰৰ দিনত স্থানীয় বিধায়ক সুৰেন স্বৰ্গীয়াৰীৰ দিনত এখন কাঠৰ দলং নিৰ্মাণ হৈছিল কিন্তু ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে দলংখন কেইবছৰমান পাছতে ভাঙি বিচ্ছিন্ন হৈ যায় ৷ ৰাইজে পাছত নিজৰ গাঁঠিৰ ধনেৰে বাঁহ আৰু লোহাৰ চিৰিৰে এখন দলং সদৃশ সাঁকো নিৰ্মাণ কৰি বিপদসংকুল যাত্ৰা কৰি অহা পৰিলক্ষিত হৈছে ।

এই সাঁকোখনৰ পৰাই পৰি বহু লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাৰ লগতে বহু গোধনো মৃত্যু মুখত পৰিছে ৷ অঞ্চলটোৰ প্ৰায় ছয় শতাধিক লোকে বাৰিষা হ’লে বিপদশংকুল যাত্ৰা কৰা পৰিলক্ষিত হয় । গাঁওখনৰ লোকে বাৰিষা হ’লে খেতিৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলে একঁকাল পানীৰে নামি বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে ৷

২০১৬ত দলং নিৰ্মাণৰ বাবে ৰাইজে বহুবাৰ চৰকাৰৰ ওচৰত আবেদন কৰিছিল যদিও আজিলৈ সুফল নাপালে । দলংখন হৈ নুঠাৰ বাবে আজিও গাঁওখনত এম্বুলেঞ্চ প্ৰৱেশ কৰিব নোৱাৰে । স্থানীয় ৰাইজে ক্ষোভ উজাৰি কয়, বিপিএফ চৰকাৰেও উনয়নৰ ফোঁপোলা স্বৰূপ লৈ দলংখনৰ বাবে একো নকৰিলে ৷ নতুন চৰকাৰখনে যাতে আমাৰ এই দূৰৱস্থা দেখি দলংখন নিৰ্মাণ কৰি আমাক উপকৃত কৰে তাৰবাবে আশাৰে বাট চাই আছো ৷

Exit mobile version