বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জনীয়া-সালেকুৰা মহিলা সমিতিয়ে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ । জনীয়া-সালেকুৰা মহিলা সমিতিয়ে বিগত তিনি/চাৰি মাহ ধৰি চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে ।
দিনজুৰা হাজিৰা কৰি সন্ধিয়া মদ খাই ঘৰত আহি সদায়ে লংকা কাণ্ড চলাই অহাত অসহ্য হৈ জনীয়া-সালেকুৰাৰ মহিলাসকলে অবৈধ চুলাই মদ বিক্ৰী বন্ধ কৰাৰ লগতে মদাহীসকলৰ বিৰূদ্ধে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । চুলাই মদ বিক্ৰী বন্ধ, মদ খাই হুলস্থূল কৰা মদাহীসকলক কাণত ধৰাই উঠা-বহা দিয়া, প্ৰয়োজনত শাৰীৰিক প্ৰহাৰ কৰিও আহিছে ।
মহিলাসকলৰ এনে প্ৰচেষ্টাত জনীয়া-সালেকুৰা এলেকাত মদাহীৰ উপদ্ৰৱ বহু পৰিমাণে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে আৰু মহিলা সমিতিয়ে ভালেখিনি সফল হোৱা পৰিলক্ষিত হৈছে । সোমবাৰে সন্ধিয়া বৰপেটাৰ গৰেমাৰিৰ জনৈক ছাহজাহানৰ ঘৰৰ পৰা তিনি টোপোলা চুলাই মদ আনি থকা অৱস্থাত জনীয়াৰ অজিত মণ্ডল নামৰ এজন মদাহীক কেইজনমান সচেতন যুৱকে আটক কৰি উক্ত মহিলা সমিতি আৰু ভি ডি পিক গতাই দিয়ে ।
মহিলা সমিতিয়ে মদাহী জনক উত্তম মাধ্যম দি বৰপেটা আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে লৈ যায়। জনীয়া-সালেকুৰাৰ মহিলাসকলৰ এনে পদক্ষেপক সচেতন মহলে প্ৰশংসা কৰিছে।