সাম্প্ৰতিক ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা এছঅ’পিৰ ফলত সৰ্বসাধাৰণ ৰাইজ বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হৈ পৰিয়াল চলাই নিয়াৰ ক্ষেত্ৰত উৱাদিহ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ৷ ৰাজ্যখনৰ বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় বন্ধ কৰি চৰকাৰৰ মুখলৈ চাই থকাৰ বাদে বিচাৰি নোপোৱা হৈছে অন্য ৰাস্তা ৷
কৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক কোঙা কৰাৰ লগতে কোঙা কৰিছে মৃৎশিল্পীসকলকো ৷ বাগ্সাৰ শালবাৰীৰ ৰাজাবিল গাঁৱৰ মৃৎশিল্পীসকলে বজাৰৰ অভাৱত নিজ হাতে তৈয়াৰ কৰা বিভিন্ন সা-সঁজুলি বিক্ৰী কৰিব নোবাৰি এতিয়া আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৷ এনে পৰিস্থিতিত কাল অমানিশা নামি আহিছে মৃৎ শিল্পীসকলৰ জীৱনলৈ ৷
বজাৰ সমাৰ সকলো বন্ধ হোৱাৰ ফলত মৃৎ শিল্পীসকলে তেওঁলোকে নিৰ্মাণ কৰা কলহ, ঘট, চাকি, বেৰিয়া, ফুলদানি, ধূপদানিকে ধৰি বিভিন্ন সামগ্ৰী, বাচন-বৰ্তন কোনো বজাৰতে বিক্ৰী কৰিব পৰা নাই ৷ যাৰ বাবে তেওঁলোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷
শালবাৰীৰ ৰাজাবিল গাঁওবাসীয়ে বছৰ বছৰ ধৰি মাটিৰ বিভিন্ন বাচন-বৰ্তন নিজ ঘৰতে নিৰ্মাণ কৰি শালবাৰী বজাৰ, বাঁহবাৰী বজাৰ, আনন্দ বজাৰ, শিমলা বজাৰ আদিত বিক্ৰী কৰি আহিছিল ৷ কিন্তু ৰাজ্যত চলি থকা আংশিক তলাবন্ধৰ বাবে বজাৰ ঘাট নথকাৰ ফলত এইসকল মৃৎশিল্পীয়ে পৰিয়াল চলাই নিয়াৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছে ৷
ৰাজাবিল গাঁৱৰ এইসকল মৃৎ শিল্পীৰ অন্য খেতি বুলিবলৈও একো নাই । একমাত্ৰ মৃৎ শিল্পৰ ওপৰতে চলি আছে গাঁওবাসী ৷ শেষত উপায়ন্তৰ হৈ নৱগঠিত চৰকাৰলৈ কিছু হ’লেও সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে এইসকল মৃৎশিল্পীয়ে ৷