বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যু।
বৃহস্পতিবাৰে দুপৰীয়াৰ শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট কথাশিল্পীগৰাকীয়ে।
ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ডঃ বৰা।
মহানগৰীৰ এক্সেল কেয়াৰ হস্পাতালতৰ আই চি ইউ চিকিৎসাধীন হৈ আছিল সাহিত্যিকগৰাকী।
নগাওঁ জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩১ত বৰাৰ জন্ম ।
বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰাদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগ আমাৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।
বৰাদেৱৰ শোকস্তব্ধ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ঔঁ শান্তি pic.twitter.com/Ot1t39TDyX
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) June 3, 2021
‘ৰামধেনু’ যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ডঃ বৰাই ১৯৮৮ চনত ‘পাতাল ভৈৰৱী‘ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
১৯৯৬ত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল তেওঁ ।
২০১৫ ৰ ২৬ জানুৱাৰীত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকজনক ।