ভাৰত-ভূটান সীমান্তৰ সংকোষ নদীৰ গৰাখহনীয়া পৰিদৰ্শন কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

WhatsApp Image 2021 06 03 at 3.44.06 PM

আজি গোসাইগাঁও মহকুমাৰ তথা ভাৰত-ভূটান সীমান্তৰ সংকোষ নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ সংকোষ নদীৰ খহনীয়াৰ কবলত পৰি ক্ৰমাৎ নিঃশেষ হ’বলৈ ধৰা সীমান্ত অঞ্চলৰ শিমলাবাৰিত উপস্থিত হৈ সকলো পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷

ADVERTISEMENT

ইতিমধ্য শ শ বিঘা কৃষি ভূমিৰ লগতে বহু পৰিয়ালৰ বাসস্থান কাঢ়ি নিয়া সংকোষ নদীৰ খহনীয়াৰ পৰিস্থিতি অতি সংকটজনক বুলি উল্লেখ কৰি কেবিনেট মন্ত্ৰীগৰাকীয়ে কয় যে, সম্প্ৰতি গাঁওখনক ৰক্ষা কৰাৰ ক্ষেত্ৰত অস্থায়ীভাৱে হ’লেও পাৰকুপাইনৰ ব্যৱস্থা কৰিব লাগিব ৷ ভৱিষ্যতে বল্ডাৰ পিচিং কৰি স্থায়ী সমাধান কৰিব লাগিব ৷

তেওঁ কয় যে, বিগত ১৭ বছৰ শাসন চলোৱা বিপিএফ দলে ৰাইজৰ স্বাৰ্থত কাম কৰা নাই ৷ আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ লগত বিটিচিৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰীৰ লগতে বিভাগীয় কে’বাগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

Exit mobile version