প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক হত্যাৰ ভাবুকি দিয়াৰ অভিযােগত দিল্লীৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে ছলমান নামৰ এজন যুৱকক।
ADVERTISEMENT
অভিযুক্তই খাজুৰি খাজ থানালৈ ফোন কৰি এইদৰে প্রধানমন্ত্রীক হত্যাৰ ভাবুকি দিছিল। উক্ত ফোনকলৰ উৎসৰ সন্ধান উলিয়াই দিল্লী আৰক্ষীয়ে ছলমানক গ্রেপ্তাৰ কৰে।
আৰক্ষীয়ে জানিব পৰা মতে, ছলমান হৈছে এজন জামিনত মুক্ত অভিযুক্ত আৰু তেওঁৰ বিৰুদ্ধে একাধিক গােচৰ আছে। আৰক্ষীৰ অনুসন্ধানত ছলমানে প্রকাশ কৰা মতে, তেওঁ কাৰাগাৰলৈ পুনৰ উভতি যাব বিচাৰে আৰু সেয়েহে এইদৰে ফোন কৰি প্রধানমন্ত্রীক হত্যাৰ ভুৱা ভাবুকি দিছিল।
উল্লেখ্য যে ২০২০ বৰ্ষতাে আন এজন ব্যক্তিয়ে নয়ডাৰ পৰা প্রধানমন্ত্রী হত্যাৰ ভাবুকিৰে আৰক্ষীলৈ ফোন কৰিছিল।