ফকিৰাগ্ৰামত স্বাগত সেচ্ছাসেৱী সংগঠনৰ বিশ্ব পৰিৱেশ দিৱস পালন

WhatsApp Image 2021 06 05 at 6.52.04 PM

সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাতো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰে । আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে স্বাগত নামৰ এক সেচ্ছাসেৱী সংগঠনে ফকিৰাগ্ৰাম চহৰৰ অধিনত বিভিন্ন অঞ্চলত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে ।

উক্ত বৃক্ষ ৰোপন কাৰ্যসূচীত বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ইএম অৰূপ কুমাৰ দেই মূখ্য অতিথি হিচাপে উপস্থিত থাকি ফকিৰাগ্ৰামৰ বাঙালী স্কুলৰ সন্মূখত গছপুলি ৰোপন কৰে ।

ইএম জনৰ লগতে বৃক্ষৰোপন অনুষ্ঠানত উপস্থিত থাকে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহা , স্বাগত সেচ্ছাসেৱী সংগঠনৰ সুদৰ্শন কানু , সঞ্জয় দাস , আদিৰ লগতে আন বিষয়ববীয়া সকলো ।

ইপিনে বিজেপিৰ শৰাইবিল মণ্ডল সমিতিও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষ ৰোপন কৰে ।উক্ত বৃক্ষ ৰোপন কাৰ্য্যসূচীত কোকৰাঝাৰ জিলা বিজেপিৰ উপ-সভাপতি উইলিয়াম নাৰ্জাৰী , বিদ্যাসাগৰ নাৰ্জাৰী ৰ লগতে দলীয় কৰ্মীসকল উপস্থিত থাকি বহুতো মূল্যবান গছপুলি ৰোপন কৰে ।

Exit mobile version