কৰ’না চিকিৎসাত প্ৰত্যাহাৰ কৰা হ’ল আইভাৰমেক্টিন, নতুন নিৰ্দেশ

file 20210205 21 1g1yuct

উপসৰ্গহীন ক’ভিড আক্ৰান্তসকলক কোনো ঔষধ দিয়াৰ প্ৰয়োজন নাই । যিসকলৰ মৃদু উপসৰ্গ আছে তেওঁলোকক কেৱল জ্বৰ আৰু কাঁহৰ ঔষধ দিব পাৰে । কাঁহৰ সমস্যা থাকিলে দিনে দুবাৰকৈ পাঁচদিন বুডেছ’নাইড ইনহেলাৰ ব্যৱহাৰ কৰিব পাৰে । সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনস্থ ‘ডিৰেক্টৰ জেনেৰেল অৱ হেল্থ ছাৰ্ভিচেছ’ (ডিজিএইচ‌এছ)এ ক’ভিড চিকিৎসাৰ এক সংশোধিত নিৰ্দেশনা প্ৰকাশ কৰে ।

প্ৰকাশিত নিৰ্দেশনাত কৰ’না চিকিৎসাৰ ঔষধৰ তালিকাৰ পৰা আইভাৰমেক্টিন ঔষধ প্ৰত্যাহাৰ কৰা হৈছে । লগতে, হাইড্ৰ’ক্সিক্ল’ৰ’কুইন, ফেভিপিৰাভি, ডক্সিচাইক্লিন, জিংক আৰু মাল্টিভিটামিনো প্ৰত্যাহাৰ কৰা হৈছে । অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাত ঔষধৰ তালিকাত এতিয়াও আইভাৰমেক্টিন আৰু হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ নাম অন্তৰ্ভুক্ত আছে ।

ডিজিএইচ‌এছ-ৰ তৰফৰ পৰা জনোৱা হৈছে, যিসকল ক’ভিড ৰোগী মধ্যৰ পৰা গুৰুত্বৰভাৱে আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈছে কেৱল তেওঁলোককহে ৰেমডেচিভিৰ ঔষধ দিব পাৰিব । কেৱল সংকটজনক ৰোগীসকলকহে দিব পাৰিব টচিলিজুমাব । চিটিস্কেন কৰাৰো প্ৰয়োজন নাই বুলি জনাইছে ডিজিএইচ‌এছ-এ ।

Exit mobile version