বিবাহ ‘পার্টনাৰশ্বিপ’ কিয় হ’ব নােৱাৰে : মালালাৰ মন্তব্যক লৈ ব্যাপক প্রতিক্রিয়া পাকিস্তানত

b8649f28 6139 11e3 916e 00144feabdc0

পাকিস্তানত শান্তিৰ ন’বেলজয়ী মালালা ইউছুফজাইৰ বিবাহ বিষয়ক এক মন্তব্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। বিখ্যাত ফেশ্বন বিষয়ক আলােচনী ‘ভ’গ’ৰ এক সাক্ষাৎকাৰত মালালাই ‘বিবাহ আৰু পার্টনাৰশ্বিপ’ৰ দৰে প্ৰসংগত নিজৰ মতামত প্রকাশ কৰিছে।

মালালাৰ এই মন্তব্যক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে। পাকিস্তানৰ কঠোৰপন্থী মৌলানা সমাজে ‘ভ’গ’ আলােচনীয়ে মালালাক অহা জুলাইৰ সংখ্যাৰ মূল বিষয় হিচাপে গ্ৰহণ কৰিছে।

আলােচনীখনৰ সাক্ষাৎকাৰত মালালাই স্পষ্টভাৱে কয় যে বিবাহক তেওঁ জৰুৰী বুলি নাভাবে। ‘মই এই কথা বুজিব নােৱাৰাে যে মানুহে কিয় বিবাহ কৰে ? যদি আপােনাক জীৱনসংগী লাগে, তেন্তে আপুনি বিবাহৰ নথিপত্ৰত কিয় স্বাক্ষৰ কৰে ? এয়া কেৱল এক ‘পার্টনাৰশ্বিপ’ কিয় হ’ব নােৱাৰে ?’, সাক্ষাৎকাৰটোত ন’বেলজয়ী যুৱতীগৰাকীয়ে এইদৰে কয়।

মালালাৰ বিবাহ বিষয়ক মন্তব্যক লৈ পাকিস্তানৰ মৌলানা সমাজে তীব্র প্রতিক্রিয়া প্রকাশ কৰাত মালালাৰ পিতৃ জিয়াউদ্দিন ইউছুফজায়ে স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল।

মালালাৰ মন্তব্য বিকৃত কৰা বুলি অভিযােগ কৰিলে তেওঁৰ পিতৃয়ে। জিয়াউদ্দিনে তেওঁৰ কন্যাৰ মন্তব্যৰ বাবে মৌলানা সমাজৰ পৰা ক্ষমাও বিচাৰিলে।

Exit mobile version