কলৰ ঔষধি গুণ

banana feat 1

★জুইয়ে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগাই বান্ধি থব লাগে। জ্বলা-পোৰা কমি যায় ।

★নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বি বৃদ্ধি পায়। হিম’গ্লোবিনো বৃদ্ধি পায় ।

★নাকেৰে তেজ ওলালে আৰু এঁৱা ভাগিলে পকা কলৰ লগত চেনি আৰু গাখীৰ মিহলাই ফেটি লৈ একেৰাহে কেবাদিনো খালে এই ৰোগ ভাল হয় ।

★নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে ।

★শৰীৰে পৰ্য্যাপ্ত প্ৰ’টিন আৰু শক্তি লাভ কৰিবলৈ হ’লে গাখীৰৰ লগত কল খাব লাগে ।

★পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে গাখীৰৰ লগত কল খাব লাগে ।

★কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে ।

★কল খালে শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত থাকে ।

Exit mobile version