”চিকিৎসক তথা চিকিৎসাকৰ্মীৰ ওপৰত আক্ৰমণ আৰু তাৰ প্ৰভাৱ” — ডক্টৰ বলোৰাম বৰ্মন, উপ অধীক্ষক দোতমা সমূহীয়া স্বাস্থ্যকেন্দ্র
” আজি এজনী আশা (Asha)ই গৰ্ভৱতী মহিলা এগৰাকী চেক-আপৰ কাৰণে আনিছিল । আজিকালি সকলো ধৰণৰ পৰীক্ষাৰ আগতে কভিড টেষ্ট কৰাটো বাধ্যতামূলক । দূৰ্ভাগ্যবসত: গৰ্ভৱতী মহিলা গৰাকীৰ কভিড পজিটিভ হ’ল ।তাইক কোৱা হল যে তাই এতিয়া কভিড হস্পিটেল- CCC যাব লাগে ।সমস্যা হ’ল তাতেই । গৰ্ভৱতী মহিলা গৰাকীৰ খং — যত কূটৰ ঘাই এই আশাজনী – তাই কাৰণেই আহিব লগা হ’ল আৰু এতিয়া এই অথন্তৰ ।” যেন আশাজনীয়ে নিজৰ স্বাৰ্থতহে গৰ্ভৱতী মহিলা গৰাকীক চেক আপৰ কাৰণে লৈ আনিছিল। ( চিকিৎসা সচেতনতাৰ এটা সৰু উদাহৰণ মাত্ৰ। এয়াই হ’ল আমাৰ চিন্তাধাৰা)
নিৰক্ষৰতা ( illiteracy), অনগ্ৰসৰতা( poverty), স্বাস্থ্য অসচেতনতা ( lake of health awarnes) অসুচল যাতায়ত ব্যৱস্থা (lake of communication, অন্ধবিশ্বাস (miss conception )– আদিৰ উপৰিও কিছুমান চৰকাৰী কৰ্মচাৰীৰ কামৰ প্ৰতি দায়বদ্ধ হীনতা বা অনিহা আদিৰ বাবে স্বাস্থ্য ক্ষেত্ৰত ভাৰতৰ কেইখনমান প্ৰদেশৰ তুলনাত আমি এতিয়াও বহু পিছপৰি আছোঁ ।
এটা সময় আছিল যেতিয়া গ্ৰামাঞ্চলত চাকৰি কৰা চিকিৎসকে চাইকেলত উঠি গাঁৱে গাঁৱে বা ঘৰে ঘৰে ৰোগী চাই ফুৰিছিল। তাৰ পিছত যেতিয়া বাইক আহিল তেতিয়াও কিছুমানে বাইকেৰে ৰোগী চাই ফুৰিছিল। কিন্তু এতিয়া আৰু সেইদিন নাই ।যি কোনো কাৰণতেই নহওঁক কিয় আগৰ সেই ধূটি পিন্ধি ঘৰে ঘৰে – ল’ৰাই পঢ়িছে নে নাই- খবৰ কৰা মাস্টাৰো নাই আৰু চাইকেলত উঠি গাঁৱে গাঁৱে ৰোগী চাই ফুৰা ডাক্তৰো নাই ! …… তেতিয়া ডাক্তৰো বেছি নাছিল, হস্পিটেলো নাছিল । কিন্তু চিকিৎসা সেৱা আছিল । এতিয়া অত তত বহু হস্পিটেল হ’ল ডাক্তৰো বহু ওলাল । কিন্তু ….. (অৱশ্যে এতিয়াও গ্ৰামাঞ্চলত অৱস্থিত প্ৰায় প্ৰতিখন হস্পিটেলতে টানে বিপদে পাব পৰাকৈ অন্ততঃ এজনকৈ হ’লেও ডাক্তৰ আছে) ।
কিন্তু অতি সম্প্ৰতি যিটো হাৰত চিকিৎসক তথা চিকিৎসাকৰ্মীৰ ওপৰত “আক্ৰমণ” আৰম্ভ হৈছে – যাৰ ফলত চিকিৎসকে প্ৰাণ পৰ্যন্ত আহুতি দিব লগীয়া হৈছে – তেনে ক্ষেত্ৰত কোন পিতৃ-মাতৃয়ে জানি শুনি নিজৰ একমাত্ৰ (বেছি ভাগৰেই ) মেধাবী , উচ্চ শিক্ষিত সন্তানক বিপদৰ মুখলৈ ঠেলি দিব। … ইতিমধ্যে জীৱনৰ আধা বয়স টেনচন টেনচন কৰিয়ে পাৰ কৰিলোঁ। গতিকে আৰু নোৱাৰি … …
ফলস্বৰূপে••••
১) Peripheri অৰ্থাৎ ভিতৰুৱা অঞ্চললৈ চিকিৎসক যাবলৈ ইচ্ছা প্ৰকাশ নকৰিব । এনেও নতুন প্ৰজন্মৰ ল’ৰা ছোৱালী বোৰে আজি কালি গাওঁ লৈ যাবলৈ বৰ বেছি মন নকৰে ।
২) দ্বিতীয়তে – এনেও আজি কালি দয়া, মৰম, শ্ৰদ্ধা, আন্তৰিকতা, সহানুভূতি মানৱীয়তা আদি বস্তু বোৰ ( শব্দবোৰ ) অভিধানৰ ভিতৰতে চেপা খাই মৰো মৰো অৱস্থা, তেনে স্থলত অনিচ্ছা সত্বেও বা কেৱল চাকৰিৰ খাতিৰত গ্ৰামাঞ্চলত থাকিব লগীয়া চিকিৎসক এজনৰ পৰা আমি ভাল কি চিকিৎসাসেৱা আশা কৰিব পাৰোঁ !
আগতে চিকিৎসকে প্ৰথমতে ৰোগী জন চাইছিল (সেইটোয়েই নিয়ম) তাৰ পিছত attendant ( ৰোগীৰ লগত অহা মানুহ) । কিন্তু এতিয়াৰ পৰা attendant চাইহে চিকিৎসা প্ৰদান কৰিব। Attendant গন্দগোলীয়া , ধৈৰ্য নোহোৱা ,গতিকে পেচেণ্ট ৰেফাৰ !……
যাৰ ফলত প্ৰাথমিক চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হব গাওঁৰ দুখীয়া ৰাইজ । সেয়ে সচেতন ৰাইজ লৈ আহ্বান মূৰ্খৰ হাতত সমাজখন এৰি দি নিজৰ ভৰিত নিজে কুঠাৰ নামাৰিব।