শাস্তিৰ ম্যাদ অন্ত পৰাৰ পাছতাে স্বদেশলৈ উভতি আহিব পৰা নাই পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা ১৭ জন ভাৰতীয়।
ইছলামাবাদৰ দাবী অনুসৰি, দীর্ঘদিন কাৰাগাৰত থকাৰ পাছত মানসিকভাৱে এইসকল বন্দী ভাগি পৰিছে। ফলত তেওঁলােকে নিজৰ ঘৰৰ ঠিকনা মনত পেলাবলৈ অক্ষম হৈছে ।
শাস্তিৰ ম্যাদ উকলা এইসকল বন্দীক নিজৰ দেশলৈ ওভতাই পঠাবলৈ পাকিস্তানে উদ্যোগ গ্রহণ কৰি ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ক ইতিমধ্যে ১৭ ভাৰতীয় বন্দীৰ ফটো প্ৰদান কৰিছে ।
কিন্তু এতিয়ালৈকে ভাৰতেও এইকেইজন ভাৰতীয় বন্দীৰ সন্দৰ্ভত কোনাে ঠিকনাৰ সন্ধান উলিয়াব পৰা নাই। উল্লেখ্য যে পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা এই ১৭ জনৰ পৰিচয় ২০১৫ তে ইছলামাবাদে ৰাজহুৱা কৰিছিল ৷
এইসকল বন্দীৰ মাজত চাৰিগৰাকী মহিলাও আছে। ১৭ বন্দীয়ে কাৰাগাৰ কর্তৃপক্ষক জনােৱা মতে, তেওঁলােকে নিজৰ ভাৰতীয় ঠিকনা সম্পূর্ণরূপে পাহৰিলে। ফলত পাকিস্তানে বন্দীকেইজনক ভাৰতৰ হাতত অৰ্পণ কৰিব পৰা নাই।