ক’ভিড প্ৰতিষেধক লৈছেনে ? আপোনাক অতিৰিক্ত সুদ দিব এই বেংকসমূহে

312ae0c6 36e2 4a1c ae9a 57640191f9a6

কৰ’নাৰ টিকাকৰণত উৎসাহিত কৰিবৰ বাবে আমেৰিকাৰ কোনো ৰাজ্যত বিনামূলীয়া গাঞ্জা, মদৰ ওপৰত অনুমোদন দিয়াৰ সময়তে ক’ৰবাত আকৌ চিনেমাৰ টিকট, লটাৰীৰ ব্যৱস্থাও কৰা হৈছে । ক’ভিড টিকাকৰণত জনসাধাৰণক উৎসাহিত কৰিবৰ বাবে ভাৰততো এনে পদক্ষেপ গ্ৰহণ কৰিলে ইউক’ বেংকে । ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলক স্থায়ী জমাৰাশি (ফিক্সড্ ডিপ’জিত)ত অধিক সুদ দিয়াৰ কথা জনাইছে তেওঁলোকে ।

এক বিবৃতিত ইউক’ বেংকৰ তৰফৰ পৰা জনোৱা হৈছে, ‘সাধাৰণ জনতাক টিকাকৰণৰ বাবে উৎসাহিত কৰিবলৈ এই ক্ষুদ্ৰ পদক্ষেপ আমাৰ । ইয়াৰ বাবে আমাৰ নতুন সুযোগ ইউক’ভেক্সি-৯৯৯ জাৰি কৰা হ’ব আগন্তুক ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ।’

ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত সেই শংসাপত্ৰ দেখুৱাই ৯৯৯ দিনৰ স্থায়ী জমাৰাশি ৰাখিলে ০.৩০ শতাংশ বেছি সুদ লাভ কৰিব । এই অতিৰিক্ত সুদ লাভ কৰিবৰ বাবে শংসাপত্ৰটো চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰৰ হ’ব লাগিব ।

ইউক’ বেংকৰ দৰে একেই সুবিধা দিছে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াই । এই বেংকেও প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলক ০.২৫ শতাংশ অতিৰিক্ত সুদ প্ৰদান কৰিব । প্ৰবীণ নাগৰিকসকলৰ বাবে এই সুদ হ’ব ০.৫০ শতাংশ । অৱশ্যে, এহেজাৰ ১১১ দিনৰ স্থায়ী জমাৰাশিৰ বাবে এই সুবিধা দিয়া হ’ব ।

Exit mobile version