ছাৰা সন্দৰ্ভত এন চি বিক কি তথ্য দিলে অভিনেত্ৰী ৰিয়াই ?

941647 ssr rhea chakraborty sara ali khan

মাত্ৰ কেইদিনমানৰ পাছতে বলিউডৰ প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্রথম বর্ষপূর্তি সম্পন্ন হ’ব। বর্ষপূর্তিৰ পূর্বে সুশান্তৰ প্রাক্তন প্রেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে আন এগৰাকী অভিনেত্রী ছাৰা আলী খানৰ সন্দৰ্ভত চাঞ্চল্যকৰ অভিযােগ উত্থাপন কৰিলে।

নার্ক’টিকছ কন্ট্র’ল ব্যুৰ’ (এন চি বি)ৰ জেৰাত ৰিয়াই অভিযােগ কৰা অনুসৰি, ছাৰাই তেওঁক মাৰিজুৱানা আৰু ভডকা পান কৰিবলৈ প্ৰস্তাৱ দিছিল ।

ছাৰাৰ স’তে একেলগে বহি ধূমপান কৰাৰ কথাও ৰিয়াই এন চি বিৰ জেৰাত স্বীকাৰ কৰিছিল । অভিনেত্রীগৰাকীয়ে দাবী কৰা মতে, ছাৰাই তেওঁক মানসিক হেঁচামুক্ত হৈ থাকিবলৈ এইদৰে নিচা সেৱনৰ বাবে পৰামর্শ দিছিল।

সম্প্রতি সামাজিক মাধ্যমত ৰিয়াৰ হাতে লিখা ভাষ্যৰ এক প্রতিলিপি ভাইৰেল । হৈছে আৰু এই প্রতিলিপিতে অভিনেত্রীগৰাকীয়ে ছাৰাৰ সন্দৰ্ভত এই তথ্য এন চি বিৰ জেৰাত স্বীকাৰ কৰা বুলি উল্লেখ আছে।

Exit mobile version