নেপালত বিক্ৰী বন্ধ কৰা হ’ল পতঞ্জলিৰ কৰ’নিল, কাৰ্যকাৰিতাৰ স্পষ্ট তথ্য নাই

coronil kit 660 230620051311

কৰ’নাৰ বিৰুদ্ধে বাবা ৰামদেৱৰ পতঞ্জলিৰ কৰ’নিল কিমান কাৰ্যকৰী এই পৰ্যন্ত ইয়াৰ কোনো প্ৰমাণ লাভ কৰা নাই । এই যুক্তিতে কৰ’নিলৰ বিক্ৰী বন্ধ কৰিলে নেপাল চৰকাৰে ।

সূত্ৰ অনুসৰি, নেপালৰ ডিপাৰ্টমেণ্ট অৱ আয়ুৰ্বেদ এণ্ড অল্টাৰনেটিভ মেডিচিনছে এক নিৰ্দেশনাত জনাইছে, নেপালত কৰ’নিলৰ ১৫ শ টা কিট প্ৰেৰণ কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিয়ম পালন কৰা নাই । এই ঔষধ নেপালত উপহাৰ হিচাপে প্ৰেৰণ কৰা হৈছিল ।

নেপালৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনায়, পতঞ্জলিৰ সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা নাই । নেপাল চৰকাৰৰ এজন মুখপাত্ৰ‌ই জনায়, ‘নেপাল চৰকাৰে এতিয়াই পতঞ্জলিৰ আয়ুৰ্বেদিক ঔষধ কৰ’নিল নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই । কিন্তু সম্প্ৰতি বিক্ৰী বন্ধ থাকিব ।’

নেপালৰ আগতে ভূটান চৰকাৰেও কৰ’নিল বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে । ভূটানৰ ড্ৰাগ ৰেগোলেটৰী অথৰিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

Exit mobile version