ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য-বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

WhatsApp Image 2021 06 10 at 7.16.37 PM

কোকৰাঝাৰ জিলাৰ কচুগাঁও ৰাইমনা বনাঞ্চলক যোৱা পাঁচ জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল অসম চৰকাৰে । আজি অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ‍্য‌ই ৰাষ্ট্ৰীয় উদ্যানটোক উদ্ধোধন কৰে লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ।

তদুপৰি, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমাতাৰী, বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বিটিচিৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰি, ইউপিপিএলৰ নেতা সোমনাথ নাৰ্জাৰীৰ লগতে বিটিচিৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলো উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ।

কচুগাঁও ৰাইমনা বনাঞ্চলক আজি ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে বিটিচি প্ৰশাসনক দায়িত্ব দিয়ে অসম চৰকাৰৰ বনমন্ত্রীগৰাকীয়ে । উল্লেখ্য যে বিটিচিৰ কোকৰাঝাৰ জিলাৰ কচুগাঁও ৰাইমনা বনাঞ্চল সোণালী বান্দৰৰ লগতে বিভিন্ন জীৱ জন্তুৰ বাবে নাম থকা বনাঞ্চল বুলি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য বড়োয়ে উল্লেখ কৰে ।

Exit mobile version