অনলাইন লেনদেনৰ বাবে শ্রেষ্ঠ ছয় ইউপিআই এপ্

imgpsh fullsize

বর্তমান দেশত বেংকিঙৰ সংজ্ঞায়ে সলনি কৰি দিছে ।ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ ইউপিআই ব্যৱস্থাই। ইউপিআইৰ সহায়ত খুব সহজতে আৰু কম সময়ৰ ভিতৰতে দুটা বেংকৰ মাজত টকাৰ আদান-প্রদান বা লেনদেন সম্ভৱ হৈ পৰিছে। আৰবিআইৰ অধীনৰ এনপিচিআই নামৰ বিভাগটোৰ দ্বাৰা চালিত এই ইউপিআই এপ্লিকেছনৰ সহায়ত মূলতঃ ছটা সংখ্যাৰে গঠিত এটা পিন নম্বৰৰ ভিত্তিত লেনদেন সম্ভৱ হয়। ভাৰতত সম্প্রতি এনে বহুকেইটা ইউপিআই এপ্লিকেছন মুকলি কৰা হৈছে যদিও সেইবােৰৰ প্ৰত্যেকটোৰে গুণগত মান বেলেগ বেলেগ। তাৰ ভিতৰত শ্রেষ্ঠ ছটা ইউপিআই এপৰ বিষয়ে তলত দিয়া হ’ল—

গুগল পে

এই ডিজিটেল ৱালেট সেৱা আজিকালি ল’ৰাৰ পৰা বুঢ়ালৈ সকলােৰে বাবে অনলাইন লেনদেনৰ সর্বাধিক জনপ্রিয় মাধ্যম হিচাপে পৰিগণিত হৈছে। নিয়েৰ ফিল্ড কমিউনিকেচ্ছন বা চমুকৈ এনএফচিৰ মাধ্যমেদি খুব সহজতে উপভােক্তাৰ ফোন, টেবলেট নাইবা স্মার্টৱাটচৰ জৰিয়তে গুগল পে সংযােগ কৰি দ্রুত লেনদেন সম্ভৱ আজিকালি। এনপিচিআইৰ শেহতীয়া সমীক্ষা অনুযায়ী, সমগ্র দেশজুৰি সম্প্রতি গুগল পে ব্যৱহাৰকাৰীৰ সংখ্যাই ৯০৫ নিযুত অতিক্রম কৰিছে। আনহাতে, এই সেৱাৰ মাধ্যমেদি মুঠ লেনদেনৰ পৰিমাণ হৈছে প্রায় ১৯০,১০৬.৭১ কোটি টকা।

ফোন পে

গুগল পেৰ দৰেই আন এক জনপ্রিয় ইউপিআই এপ হৈছে ফোন পে। সর্বমুঠ ১১টা ভাষাত উপলব্ধ এই ফোন পে এপ্লিকেছন। জনপ্রিয় এই ইউপিআই এপ্লিকেচ্ছনৰ জৰিয়তে বিদ্যুতৰ বিল পৰিশােধ, ম’বাইল ৰিচাৰ্জৰ পৰা আৰম্ভ কৰি এটা বেংক একাউণ্টৰ পৰা অন্য এটালৈ ধন স্থানান্তৰ কৰাটো খুবেই সহজ হৈ পৰিছে। এই ধৰণৰ সকলাে লেনদেনৰ বাবে ভাৰতৰ বহু সংখ্যক নাগৰিকৰ ভৰসাৰ পাত্ৰ হৈ উঠিছে ফোন পে। ফোন পেৰ কার্যকাৰিতা ইমানেই বেছি যে বর্তমানে বীমা, মিউছুৱেল ফাণ্ড ইত্যাদি বিনিয়ােগৰ বাবেও ইয়াক বহুতে ব্যৱহাৰ কৰে। ফোন পেৰ বৰ্তমানৰ উপভােক্তাৰ সংখ্যা প্রায় ১.১৮ বিলিয়ন। যােৱা এপ্রিল পর্যন্ত কৰা হিচাপ অনুযায়ী, এই বছৰ মুঠ ২.৩৪ লাখ কোটি টকাৰ লেনদেন এই জনপ্রিয় ইউপিআই এপৰ মাধ্যমেদি হৈছে।

পেটিএম

জনপ্রিয়তাৰ ফালৰ পৰা শীর্ষস্থানীয় আন এক ইউপিআই এপ হৈছে পেটিএম। পেটিএমৰ মুখ্য কার্যালয় উত্তৰ প্ৰদেশৰ নয়ডাত অৱস্থিত। হাটে-বজাৰে, দোকানে-পােহাৰে, ৰেস্তোৰালৈ গ’লে বিল পৰিশােধ কৰিবলৈ হ’লে বা চিনেমাৰ টিকট কাটিলে, যিকোনাে ধৰণৰ লেনদেনৰ বাবে পেটিএম খুবেই জনপ্রিয় এপ
আজিৰ তাৰিখত। এই এপ’টোৰ আন এক বিশেষ সুবিধা এই যে ইয়াত শেহতীয়াকৈ সন্নিবিষ্ট কৰা দুই সেৱা ক্ৰমে পেটিএম গল্ড ছেভিংছ প্লেন আৰু গল্ড গিফটিঙৰ জৰিয়তে উপভােক্তা বা বিনিয়ােগকাৰীয়ে মন গ’লেই ঘৰতে বহি দীর্ঘস্থায়ী সঞ্চয়ৰ পৰিকল্পনা কৰি তাক নির্বিঘ্নে ৰূপায়ণ কৰিব পাৰে।

এমেজন পে

এমেজন নামৰ সংস্থাটোৱে মুকলি কৰা এমেজন পে নামৰ এপটো প্রথম বজাৰলৈ আহিছিল ২০০৭ত। সুদীর্ঘ ১৪ বছৰ ধৰি আন্তর্জাতিক বজাৰৰ লগতে ভাৰতৰ বজাৰতাে নিজৰ এক বৃহৎ গ্রাহক পৰিসৰ গঢ়ি তুলিছে এমেজনৰ এই ইউপিআই এপে। এই এপৰ মাধ্যমেদি খুব সহজে নিজৰ বন্ধু-বান্ধৱী তথা পাৰিবাৰিক সদস্যলৈ নিমিষতে টকা পঠিওৱাব পৰা যায়। আনকি ফোনৰ কনটেক্টৰ মাধ্যমেদি ইনভাইটেছন প্ৰেৰণ কৰিয়ে এই ধৰণৰ ডিজিটেল লেনদেন সম্ভৱ হৈছে এমেজেন পেত।

ভিম

এনপিচিআয়ে ২০১৬ৰ ৩০ মে’ত পােনপ্ৰথমবাৰৰ বাবে এই ইউপিআই এপটো মুকলি কৰে। দেশীয় এই এপটোৰ নামাকৰণ কৰা হয় ভিমৰাও আম্বেদকাৰৰ নামেৰে। ডিজিটেল ভাৰতৰ অংশ হিচাপে সাধাৰণ জনগণক নগদহীন লেনদেনৰ প্রতি আগ্রহী কৰি তােলাৰ উদ্দেশ্যে মুকলি কৰা ভিম এপৰ সবাতােকৈ ডাঙৰ সুবিধাটো এই যে ইয়াক সকলাে ধৰণৰ অপাৰেটিং ছিষ্টেমেৰে চালিত যিকোনাে ব্ৰেণ্ডৰ মবাইলৰ স’তে সংযােগ কৰিব পাৰি। এই ইউপিআই ব্যৱহাৰ কৰি খুব সহজেই বেংক একাউণ্টৰ পৰা ধন স্থানান্তৰ বা আদান-প্রদান কৰিব পৰা যায় ডিজিটেল উপায়েৰে।

এয়াৰটেল ডিজিটেল পেমেন্ট বেংক

সুৰক্ষিত আৰু নিৰাপদ পেমেণ্টৰ বাবে ই বিশেষভাৱে উৎকৃষ্ট মাধ্যম। এই ইউপিআইএপৰ মাধ্যমেদি ধন আদান-প্রদানৰ পৰা আৰম্ভ কৰি বিল পৰিশােধ কৰালৈ সকলাে ধৰণৰ ডিজিটেল লেনদেন অত্যন্ত সহজ আৰু দ্রুত। অৱশ্যে এই এপ ব্যৱহাৰৰ পূর্বে, ব্যৱহাৰকাৰীয়ে নিজৰ বেংক একাউন্ট ভিমৰ স’তে সংযুক্ত কৰাটো বাধ্যতামূলক।

Exit mobile version