চিৰাং জিলাত আৰক্ষীয়ে চলোৱা অভিযানত আজি পাঁচখনকৈ চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে তিনিজন মটৰ চাইকেল চোৰ গ্ৰেপ্তাৰ কৰে ৷ এই সন্দৰ্ভত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, জিলাখনত চলি থকা মটৰ চাইকেল চুৰি সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰি শুকুৰবাৰৰ পৰা চলোৱা অভিযানত চাৰিখন পালছাৰ মটৰ চাইকেল আৰু এখন স্প্লেণ্ডাৰ মটৰ চাইকেল উদ্ধাৰ কৰে ।
আৰক্ষীয়ে মটৰ চাইকেল চুৰিৰ ঘটনাত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷ উদ্ধাৰ কৰা পালছাৰ মটৰ চাইকেলৰ ভিতৰত দুখন পালছাৰ মটৰ চাইকেলৰ নম্বৰ প্লেটবিহীন, দুখন হৈছে এ এছ ১৯ এফ ৮৬৯৪ আৰু এ এছ ১৭ জে ৭১৫২ । হিৰো স্প্লেডাৰ মটৰ চাইকেলখন হৈছে এ এছ ২৬ এইছ ৬০১০ ।
আৰক্ষীৰ অভিযানত চুৰি মটৰ চাইকেলৰ সতে জড়িত ধৃত যুৱক তিনিজন হৈছে ৰুণীখাটা থানাৰ অধীনৰ শালবাৰী গাঁৱৰ নিজন বসুমতাৰী(২০), দুই নম্বৰ
শালবাৰীৰ (মোলানডুবি) বিজয় বসুমতাৰী(২১) আৰু বাতাবাৰী ৰাণীপুৰৰ দৈমু বসুমতাৰী(২৬ ) । অভিযুক্তসকলক ঢালিগাঁও থানাত ৰাখি সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
কিছুদিনৰ পৰা চিৰাঙত মটৰচাইকেল চুৰিৰ ঘটনা বৃদ্ধি পাইছিল। যাৰ বাবেই আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চলাইছিল অভগযান।