অতিমাৰী কৰ’নাই বহুতৰে জীৱন-জীৱিকাৰ পথ সলনি কৰিলে। কৰ’নাৰ ভয়াৱহ পৰিস্থিতিয়ে কোঙা কৰিলে বহুতৰ জীৱন। তীব্র আর্থিক সংকটত পৰি দুই সন্তানৰ এগৰাকী মাতৃয়ে নিজৰ পাঁচজনীয়া পৰিয়াল চলাব নােৱাৰি অৱশেষত ই-ৰিক্সা লৈ আজি মৰিগাঁও চহৰত সংগ্রামত নামিবলৈ বাধ্য হয়।
ই-ৰিক্সা চলাই সংগ্রামী জীৱন পথত খােজ পেলােৱা মহিলাগৰাকীৰ নাম ইলা শর্মা। মৰিগাঁও চহৰৰ সমীপৰ ভেদৌআটি গড়মাৰীৰ অৰূপ বৰাৰ পত্নী তথা দুই সন্তানৰ মাতৃ ইলাৰ স্বামীয়ে আৰৱ সাগৰত জাহাজ চলাই মাছ মাৰি পৰিয়াল চলাই আহিছিল। কৰ’নাৰ বাবেই আৰৱৰ পৰা গুচি আহিল অৰূপ বৰাৰ পৰিয়াল।
যােৱা ডেৰ বছৰ ধৰি কৰ’নাকেন্দ্রিক পৰিস্থিতিৰ বাবে পৰিয়ালটোৰ মুৰব্বী অৰূপে এখন ই-ৰিক্সা লৈ চহৰখনত চলাই আহিছিল যদিও নিতৌ দিনে দুই- তিনিশ টকাৰে পৰিয়াল চলাব নােৱৰা বাবেই উপায়ান্তৰ হৈ পত্নী ইলাই ধাৰ কৰি এখন পুৰণা ই- ৰিক্সা লৈ আজি স্বামী অৰূপৰ লগে লগে ইলায়াে মৰিগাঁও চহৰৰ ৰাজপথত ওলাই আহিবলৈ বাধ্য হয়।
ৰাজপথলৈ ওলাই অহা সংগ্রামী ইলাক ই-ৰিক্সা লৈ চলাই অহা দেখি ওচৰ-চুবুৰীয়া সকলাে হতবাক হয়। জীৱিকাৰ সন্ধানত পথত নমা সাহসী মহিলা ইলাই কয়, ‘যােৱা ছমাহ ধৰি ভালকৈ পৰিয়াল চলাব পৰা নাই। মােৰ পিতৃ-মাতৃৰ লগতে দুই সন্তানক পােহপাল দিবলৈ এজনৰ ই-ৰিক্সা চলােৱা ধনেৰে নচলে।
উপায়ান্তৰ হৈ ময়াে আজি ওলাই আহিলাে। মই স্বাৱলম্বী হােৱাৰ লগতে মােক দেখি মােৰ দৰে আন ১০গৰাকী মহিলা-যুৱতী-মহিলা সকলাে আগবাঢ়ি আহক। ইলাই মনে-প্রাণ ভাবে -সংগ্রামেই জীৱনৰ অন্য এক নাম।