যোৱা বছৰ কৰ’না সংক্ৰমণ বিয়পি পৰাৰ পাছত বহু সংখ্যক ভাৰতীয়ৰ আহাৰত পৰিৱৰ্তন আহিছে । দিনে তিনি বেলা ভৰপেট খোৱাতকৈ এতিয়া অধিক পছন্দ কৰে – বাৰে বাৰে খোৱাটো । সেয়াও সম্পূৰ্ণ পেট নহয়, পাতল আহাৰ । যাক ‘স্নেক্স’ বুলি কোৱা হয়, ‘পৰিষ্কাৰ স্নেক্স’ বা ক্লিন স্নেক্স ।
ভাৰত আৰু থাইলেণ্ডৰ এটা কোম্পানীয়ে শেহতীয়াকৈ ভাৰতৰ খাদ্য বজাৰৰ ওপৰত এটা সমীক্ষা চলাইছে । সমীক্ষাত পোৱা গৈছে যে ২০২০ চনৰ পৰা ভাৰতীয়সকলৰ মাজত খাদ্যৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে । নতুন প্ৰজন্মই ভৰপেট খাদ্য খোৱাৰ সলনি ‘ক্লিন স্নেক্স’ৰ ওপৰত অধিক গুৰুত্ব দিছে ।
কি এই ‘ক্লিন স্নেক্স’ ? কোনো কৃত্ৰিম ৰং অবিহনে উপলব্ধ পাতল খাদ্য, সংৰক্ষণ ৰাসায়নিক পদাৰ্থক ‘পৰিষ্কাৰ স্নেক্স’ বা ‘ক্লিন স্নেক্স’ বুলি কোৱা হয় ।
১৮ বছৰতকৈ অধিক বয়সৰ, তিনি হেজাৰ ভাৰতীয়ক লৈ সমীক্ষা কৰা হৈছিল । ইয়াৰ পৰা পোৱা গৈছে :
★ যোৱা বছৰ ‘ক্লিন স্নেক্স’ খাইছিল ১০-১২ শতাংশই
★ চলিত বৰ্ষত ‘পৰিষ্কাৰ স্নেক্স’ বা ‘ক্লিন স্নেক্স’ খাইছে : ২০ শতাংশই
★ তিনিবাৰ আহাৰ খোৱাৰ অভ্যাস সলনি কৰিবলৈ আগ্ৰহী : ৬৪ শতাংশ
★ দিনত তিনিবাৰতকৈ অধিক ‘ক্লিন স্নেক্স’ বা ‘পৰিষ্কাৰ লঘু আহাৰ’ খাবলৈ আগ্ৰহী : ৪৭ শতাংশ
★ নিশাও ‘ক্লিন স্নেক্স’ খাবলৈ আগ্ৰহী : ২৭ শতাংশ
★ পেকেট খাদ্য ক্ৰয় কৰোঁতে ইয়াৰ মানদণ্ড স্কেন কৰা : ৮০ শতাংশ
অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে ভাৰতীয়সকল খাদ্যৰ অভ্যাস সলনি কৰিবলৈ বিশেষভাৱে আগ্ৰহী আৰু স্বাস্থ্যকৰ খাদ্য বাছনি কৰাত বিভিন্ন গুৰুত্ব দি আছে ।
সমীক্ষাকাৰী সংস্থাটোৰ অন্যতম মুৰব্বী হৃষীকেশ আৰবকাৰে মুম্বাইৰ এক সংবাদ মাধ্যমক কয় যে কৰ’না সংক্ৰমণ হোৱাৰ পাছত ভাৰতীয়সকলৰ আহাৰত সামান্য পৰিৱৰ্তন হৈছে । এতিয়া ভাৰতীয়সকল ‘কৃত্ৰিম ৰং’, ‘গ্লুটেন’, ‘সংৰক্ষক ৰাসায়নিক বা সংৰক্ষক’ শব্দবোৰৰ বিষয়ে অধিক সচেতন ।