৪০ হেজাৰ কোটি টকাৰ ঋণগ্রস্ত ৰাজ্য ও বিষয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে কিনিলে ৩২খন বিলাসী গাড়ী

1081919 kcr

তেলেংগানাত ৩২ জন অতিৰিক্ত জিলা দণ্ডাধীশক কৰ’নাৰ কালত চৰকাৰে ৩২ খন বিলাসী গাড়ী উপহাৰ দিলে। ৰাজ্যখনৰ মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ ৰাৱে ৰাজ্য চৰকাৰৰ আমােলাৰ বাবে উক্ত ৩২ খন বিলাসী গাড়ী অলপতে ক্রয় কৰিছিল।

প্রকাশিত বাতৰি অনুসৰি চৰকাৰী আমােলাৰ বাবে নতুনকৈ ক্ৰয় কৰা প্ৰতিখন গাড়ীৰ মূল্য ২৫ৰ পৰা ৩০ লাখ টকাৰ ভিতৰত হ’ব। বিৰােধীয়ে গাড়ী ক্ৰয়ৰ সন্দৰ্ভত ইতিমধ্যে প্রশ্ন উত্থাপন কৰি চৰকাৰী ধনৰ অপচয়ৰ অভিযােগ উত্থাপন কৰিছে।

উল্লেখ্য যে ৪০ হেজাৰ কোটি টকাৰ ঋণৰ বােজা বহন কৰা তেলেংগানাত চৰকাৰে এইদৰে কৰ’না কালত চৰকাৰী বিষয়াৰ বাবে গাড়ী ক্রয় কৰি ৰাজকোষৰ ধন ব্যয় কৰাৰ তীব্ৰ বিৰােধিতা কৰিলে বিজেপি আৰু কংগ্ৰেছে।

কংগ্ৰেছে অভিযােগ কৰা মতে, চন্দ্রশেখৰ চৰকাৰে ৰাজ্যখনত কৰ’না কালত চিকিৎসালয়ত শয্যাৰ সংখ্যা আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাত গাড়ীৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিৱর্তে আমােলাৰ বাবে বিলাসী গাড়ী ক্রয়ৰে ৰাজকোষৰ ধন অপব্যয় কৰিলে।

Exit mobile version