ছিণ্ডিকেট বেংকৰ বৰ্তমানৰ আই এফ এছ চি নম্বৰ অহা ৩০ জুনলৈকে বাহাল থাকিব। পহিলা জুলাইৰ ২০২১ৰ পৰা এই বেংকৰ শাখাসমূহৰ আই এফ এছ চি নম্বৰ সলনি হ’ব।
উল্লেখ্য যে ২০২০ৰ পহিলা এপ্রিলৰ কানাড়া বেংকৰ স’তে ছিণ্ডিকেট বেংকৰ চামিলকৰণ হৈছিল। বর্তমানে ছিণ্ডিকেট বেংকৰ সকলাে শাখাই কানাড়া বেংকৰ শাখা হিচাপে সেৱা আগবঢ়াই আহিছে।
কানাড়া বেংকে প্রকাশ কৰা মতে, বেংকৰ পূৰ্বৰ শাখাসমূহৰ আই এছ এফ চি ক’ড পহিলা জুলাই ২০২১ৰ পৰা সলনি হ’ব। গ্রাহকসকলে এন ই এফ টি, আৰ টি জি এছ আৰু আই এম পি এছ পদ্ধতিৰে ধনৰ লেনদেনৰ ক্ষেত্ৰত কানাড়া বেংকৰ নতুন আই এফ এছ চি নম্বৰ ব্যৱহাৰ কৰিব লাগিব। ।
নতুন আই এফ এছ চিৰ বাবে গ্রাহকে কানাড়া বেংক ডটকম ভিজিট কৰিব লাগিব অথবা বেংকৰ যিকোনাে শাখাৰ স’তে যােগাযােগ কৰিব পাৰিব। ছিণ্ডিকেট বেংকৰ গ্ৰাহকসকলে পৰিৱৰ্তিত আই এফ এছ চিৰ লগতে এম আই চি আৰ ক’ডসহ নতুন চেকবুক লাভ কৰিব।