বেঁকী নৈৰ খহনীয়া ৰোধৰ দাবী, জলসম্পদ মন্ত্ৰী পিয়ুয হাজৰিকালৈ স্মাৰকপত্ৰ বাগ্‌সা জিলা আমছুৰ

WhatsApp Image 2021 06 16 at 6.06.39 PM

বছৰ বছৰ ধৰি শালবাৰীৰ গোৱৰ্ধনা, নাৰায়ণগুৰি,বিশপানী,চূণপনী,এলেঙামাৰী,ছাফাকামাৰ,খাৰিজা বিজনীৰ ভিন্ন অঞ্চল আদিত বেঁকী নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি বহু পৰিয়ালৰ ঘৰমাটি,খেতিপথাৰ আদি উছন কৰি পেলাইছে ৷

এইবেলিও বেঁকীৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে সমগ্ৰ অঞ্চলত৷খহনীয়াৰ পৰা ৰাইজক মুক্ত কৰাৰ দাবীৰে আজি বাগ্‌সা জিলা আমছুৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিয়ুয হাজৰিকালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

বাগ্‌সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খান আৰু সম্পাদকদ্বয় সাহাদত হুছেইন,জাহেৰ আলী স্বাক্ষৰিত স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি বেঁকীৰ খহনীয়াত ইতিমধ্যে হেজাৰ হেজাৰ বিঘা মাটি,ঘৰ দুৱাৰ,ৰাজহুৱা সম্পত্তি আদি জাহ গৈছে যদিও এতিয়ালৈকে স্থায়ীকৈ খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এইবাৰ আকৌ বেঁকী নদীৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ।

যাৰ ফলত বৰপেটা ৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ গোৱৰ্দ্ধনাত ১৯০৬ চনত স্থাপিত হোৱা ১১৫ বছৰীয়া ঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰ মানচিত্ৰৰ পৰা বিলীন হৈ বেঁকী নৈৰ বুকুত জাহ যাবলৈ আৰু মাত্ৰ ৫০ ৰ পৰা ৬০ মিটাৰহে বাকী আছে। তাৰ সমান্তৰালকৈ জিলাখনৰ গোৱৰ্দ্ধনা প্ৰাথমিক শিক্ষাখণ্ডৰ কালপানী মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ তথা শালবাৰী মহকুমাৰ বিশপানী গাওঁস্থিত ১৯৮৫ চনত স্থাপিত এলটপাৰা প্ৰাথমিক বিদ্যালয়খনো সম্প্ৰতি বেঁকী নদীৰ তীব্ৰ খহনীয়াৰ কৱলত পৰি কিছু অংশ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ।

অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠানখন যদি এইদৰে নদীৰ বুকুত বিলীন হৈ যায় তেন্তে শ শ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ পৰা বঞ্চিত হ’ব। স্মাৰকপত্ৰখনত শংকৰ-মাধৱ সত্ৰ আৰু এলটপাৰা প্ৰাথমিক বিদ্যালয়খন বেঁকী নদীৰ তীব্ৰ খহনীয়াৰ পৰা উদ্ধাৰ কৰা, বাগ্‌সাৰ নাৰায়ণগুৰিৰ পৰা বৰপেটাৰ সৰভোগ দলংলৈকে বেঁকী নদীৰ দুয়োপাৰে স্থায়ী বান্ধৰ লগতে খহনীয়াৰ ফলত গৃহহীন হোৱা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় বাগ্‌সা আমছুৰ নেতাসকলে ৷

Exit mobile version