সত্ৰীয়া সংস্কৃতিৰ নীৰৱ সাধক, নৃত্য, খোলবাদ্য, বৰগীতৰ বিশাৰদ জীতেন কাকতিৰ জীৱন-জীৱিকাৰ কঠোৰ সংগ্ৰাম

কান্ধৰ পৰা খোলবাদ্য,নৃত্যৰ ভংগীমা এৰি হাতত ল'লে দগা-পাল্লা, পদ-পথত শাক-পাচলিৰ টোপোলাই জীৱিকাৰ সম্বল

WhatsApp Image 2021 06 16 at 3.26.26 PM

সত্ৰীয়া সংস্কৃতিৰ সাধক, নৃত্য, খোলবাদ্য, বৰগীত আদিত বিশাৰদ, শিক্ষাদানত বৰ্তি এজন শিল্পীৰ জীৱনৰ চৰম দুৰৱস্থা । প্ৰৱল প্ৰত্যাহ্বানেৰ জীৱন-জীৱিকাৰ যুঁজত অৱতীৰ্ণ হৈ যেন তেওঁ একপ্ৰকাৰ ভাগৰি পৰিছে । সহায় কৰোঁতা কোনো নাই । গোলাঘাট নগৰৰ মিচনপট্টিৰ সমিপৰ পদপথত শাক-পাচলি বিক্ৰিয়েই এতিয়া তেওঁৰ জীৱন-জীৱিকাৰ প্ৰধান সম্বল ।

ডিঙিত খোলবাদ্য, সত্ৰীয়া নৃত্যৰ ভংগীমা নাইবা কণ্ঠত বৰগীতৰ চন্দ আওৰোৱাৰ সলনি হাতত তুলি ল’বলগীয়া হৈছে দগা-পাল্লা । সাংস্কৃতিক ক্ষেত্ৰখনৰ স’তে সদা একাত্ম এইজন লোক গোলাঘাটীয়া সমাজ জীৱনৰ পৰিচিত যদিও এনে সংগ্ৰামী সাংস্কৃতিক কৰ্মী, সত্ৰীয়া সংস্কৃতিৰ নীৰৱ সাধকৰ জীৱনৰ চৰম দুৰ্দশা কোনেইবা হৃদয়ংগম কৰে ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰো যেন আহৰি নাই এনে প্ৰকৃত লোকসকলৰ প্ৰতি অনুকম্পাৰ দৃষ্টি প্ৰদৰ্শন কৰি কিঞ্চিতমান হ’লেও সহায়ৰ হাত আগবঢ়োৱাৰ । ব্যক্তিজনৰ নাম জীতেন কাকতি । ঘৰ গোলাঘাটৰ জ্যোতি নগৰত । পত্নী, সন্তানৰ স’তে পৰিয়ালটো পোহপাল দিয়াৰ মূল ব্যক্তিজন হৈছে তেওঁৱেই ।

পঞ্চম শ্ৰেণীৰ পৰা মাজুলীৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰত থাকি সত্ৰীয়া সংস্কৃতিৰ শিক্ষা গ্ৰহণ কৰি কলা শাখাৰ স্নাতকৰ লগতে হিন্দীত তেওঁ বিশাৰদ আৰু ৰত্নও । সত্ৰীয়া নৃত্য, বৰগীত, খোলবাদ্য আদিত বিশাৰদ ডিগ্ৰী অৰ্জন কৰি অসমৰ বিভিন্ন ঠাইৰ নৱ-প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ শিক্ষাদান কৰি বহুজনক সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰতিষ্ঠিতো কৰিছে । চণ্ডীগড়ৰ প্ৰাচীন কলা কেন্দ্ৰৰ পৰা তেওঁ সংগীত ভূষণ ডিগ্ৰীও লাভ কৰিছে ।

অসম চৰকাৰ আৰু ভাৰতৰ বিভিন্ন ঠাইত নিঃস্বাৰ্থ অৱদানৰ বাবে জীতেন কাকতি সম্বৰ্দ্ধিতো হৈছে । লাভ কৰিছে বিভিন্ন ধৰণৰ বঁটাও । কিন্তু বৰ্তমান গোলাঘাটৰ পদপথত শাক-পাচলিৰ বেপাৰেই পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ সম্বলৰূপে বাচি ল’বলগীয়া হৈছে তেওঁ । শাক-পাচলিৰ ব্যৱসায়ৰ সামান্য উপাৰ্জনে পত্নী, অধ্যয়নৰত সন্তানৰ আৱশ্যকীয়খিনি জোৰা নমৰে তেওঁৰ । যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

গোলাঘাটত কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি অধ্যক্ষৰ দায়িত্ব লৈ বিদ্যালয়খন চলাই উপাৰ্জনৰ বাট প্ৰশস্ত কৰিছিল যদিও কৰ’না মহামাৰী আৰু তলাবন্ধৰ বাবে সেই বাটো ৰুদ্ধ হৈ পৰিল তেওঁৰ । জিলাখনৰ বিভিন্ন ঠাইত ঘৰে-ঘৰে গৈ শিশুসকলক সত্ৰীয়া নৃত্য, খোলবাদ্য, বৰগীত আদিৰ প্ৰশিক্ষণ দি পৰিয়ালটো চলাই নিয়াৰ যোগাৰ কৰিছিল জীতেন কাকতিয়ে । কিন্তু সেই বাটো বৰ্তমান বন্ধ হৈ পৰিছে । যাৰ বাবে পদপথত শাক-পাচলি বিক্ৰী কৰি কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে সত্ৰীয়া সংস্কৃতিৰ সাধকজনে ।

লোক-কৃষ্টিৰ সাধক, প্ৰচাৰবিমূখ জীতেন কাকতিৰ চৰকাৰলৈ কাতৰ আহ্বান, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিবেচনা কৰি সহায়ৰ হাত আগবঢ়োৱাৰ অৱকাশ হ’বনে ?

গোলাঘাট সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিত্তমন্তী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক, উদ্যমী নেতা বিশ্বজিৎ ফুকন, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়ালৈ গভীৰ আশা, দুৰ্দশাত ভোগা লোক-কৃষ্টিৰ নীৰৱ সাধকজনৰ । নিশ্চয় তেওঁলোকে চকু মেলি চাব । চৰকাৰ নাইবা হৃদয়ৱান লোকৰ কিঞ্চিত সহায়ৰ হাতে দুৰ্দশাত ভোগা জীতেনৰ পৰিয়ালটোলৈ আশাৰ সঞ্চাৰ আৰু হাঁহি বিৰিঙাবলৈ সক্ষম হ’ব । গভীৰ আশা তেওঁৰ ।

Exit mobile version